তেজপুৰ,১৭ ডিচেম্বৰ:সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ১৬ ডিচেম্বৰৰ পৰা ১৮ তাৰিখলৈকে ৩৬ ঘণ্টাৰ গণ সত্যাগ্ৰহৰ মঙলবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তেজপুৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদী লোকসকলে অসম গণ পৰিষদৰ নেতা সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে । ৰাজ্য সভাত অসমীয়া জাতিৰ বিৰুদ্ধে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ভোট দান কৰি এই বিধেয়ক পাছ কৰি বিজেপি দলৰ চৰকাৰক আইন প্ৰণয়ন কৰাত সহায় কৰা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে প্ৰতিবাদকাৰী ।
নাগিৰকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেজপুৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট ইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজৰ মাজলৈ ওলাই আহে এইবাৰ অসমৰ চিকিৎসক সমাজ। ভাৰতীয় চিকিৎসক সন্থা আৰু অসম ৰাজ্যিক শাখাৰ আহ্বান মৰ্মে তেজপুৰ শাখাই মঙলবাৰে কাৰ্যালয়ৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। চিকিৎসকসকলে তেজপুৰ চহৰৰ মাজেৰে আহি তেজপুৰ আদালত চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে। চিকিৎসক সমাজে কয় যে জাতিৰ এই সন্ধিক্ষণত আমি সকলোৱে ৰাইজৰ মাজত আছো । লগতে অসম চৰকাৰে বৰ্বৰতাৰে ছাত্ৰ সকলক হাৰাশাস্তি নকৰিবলৈ লগতে ৰাইজৰ আৱেগ অনুভূতিত আঘাট নিদিবলৈ আহ্বান জনায় চিকিৎসক সমাজে ।
জাতিৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেজপুৰ চিকিৎসক সংস্থাৰ প্ৰতিবাদ লগতে পঢ়ক:লতাশিলত অব্যাহত আছে আছুৰ প্ৰতিবাদ
বাক্সা: ৰাজ্যত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰসহ ৩০ জাতীয় সংগঠনে আহ্বান জনোৱা গণ সত্যগ্ৰহ কাৰ্য্যসূচীত হাজাৰ হাজাৰ লোকৰ অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে বাক্সা জিলাৰ তামুলপুৰ আছুৰ সহযোগত ১২৭ নং ডি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ সমদলত বিভিন্ন প্ৰান্তৰ ৰাইজৰ অংশ গ্ৰহণেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমদলৰ শেষত তামুলপুৰ ওদালগুৰি সংযোগী পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে । ফলত ৰঙিয়া ভূটান পথটোত কিছু সময়ৰ বাবে যানবাহন চলাচল স্তব্ধ হৈ পৰে ।
বাক্সা জিলাৰ তামুলপুৰ আছুৰ সহযোগত ১২৭ নং ডি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎ সমদল লগতে পঢ়ক:বুধবাৰৰ পৰা আৰম্ভ হ'ব সকলো ৰে'লৰ চলাচল
বঙাইগাঁও:বঙাইগাঁৱৰ জেল্কাঝাৰত নাৰীমুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ। বঙাইগাঁও জিলা মহিলা সংগ্ৰাম সমিতিয়ে গাঁৱে গাঁৱে এই আইনৰ বিৰুদ্ধে সজাগতা আৰু আইনী সভা আৰম্ভ কৰিছে ৷ নাগৰিকত্ব সংশোধনী আইনখনৰ বাতিলৰ দাবীত তথা এই আইন খনৰ বিৰুদ্ধে গাঁৱৰ মহিলা সকলোকে সজাগ কৰিবলৈ এই ধৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে৷ মহিলা শক্তি জাগিছে,মহিলা শক্তি জাগ্ৰত হ'লে পৃথিবীৰ কোনো অপশক্তি,অসাংবিধানিক কাম হ'ব নোৱাৰে বুলি প্ৰকাশ কৰে অৱসৰ প্ৰাপ্ত অধ্যাপিকা মৰমী বৰঠাকুৰে ।
বঙাইগাঁৱৰ জেল্কাঝাৰত নাৰীমুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সহস্ৰাধিক মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ লগতে পঢ়ক:পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰ আদেশ
যোৰহাট: অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ সমূহ বিজ্ঞানী আৰু কৰ্মচাৰীবৃন্দ উপস্থিত হৈ মঙলবাৰে কেন্দ্ৰটিৰ প্ৰবেশদ্বাৰত এই ক'লা আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে অসম কৃষি বিশ্ববিদ্যালয় মূল চৌহদৰ লগতে ইয়াৰ অন্তৰ্গত ১৬ টা কৃষি গৱেষণা কেন্দ্ৰ আৰু ২৩ কৃষি বিজ্ঞান কেন্দ্ৰত দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিবাদ চলি আছে বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ লগতে পঢ়ক:আইদেউ সন্দিকৈ : এক শ্ৰদ্ধাঞ্জলি !