গুৱাহাটী, 26 ছেপ্টেম্বৰঃৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহ, বিজেপি,কংগ্ৰেছ,অগপকে ধৰি প্ৰতিটো দলেই ব্যস্ত উপ নিৰ্বাচনক লৈ । ইতিমধ্যে বিজেপি দলে ঘোষণা কৰিছে তেওঁলোকৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তিনিজনীয়া পেনেল। কাৰ দখললৈ যাব উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চাৰিটা বিধানসভা সমষ্টিক লৈ চলিছে ব্যাপক জল্পনা কল্পনা ৷ ইতিমধ্যে বিজেপি দলে এটা সমষ্টিক বাদ দি প্ৰস্তুত কৰি উলিয়াইছে তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকাৰ পেনেল ৷ এই তিনিটা সমষ্টিৰ ভিতৰত সোণাৰী সমষ্টিত নৱনীতা সন্দিকৈ,স্বাক্ষৰ গগৈ,অনুপ সিং ৰাজপুৰোহিত ৷ৰাতাবাৰীত বিজয় মালাকাৰ,জয়দেৱ দাস, সুনীল বিন আৰু ৰঙাপৰা সমষ্টিত ৰাজেন বৰঠাকুৰ,বাটাছ ওৰাং,কেশৱ উপাধ্যায়ৰ,জনীয়া সমষ্টিত এতিয়ালৈকে চূড়ান্ত হোৱা নাই প্ৰাৰ্থীৰ পেনেল ৷ জনীয়া সমষ্টিৰ কৰ্তৃত্ব ৰঞ্জিত দাসক অৰ্পণ কৰিছে নিৰ্বাচনী সমিতিয়ে ৷
ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহঃ কোনে কাক টিকট দিব? - কংগ্ৰেছ
ঢাল তৰোৱাল লৈ সাজু হৈছে ৰাজনৈতিক দল সমূহ ৷ কোন দলে কাক প্ৰাৰ্থীত্ব দিব ? উপ নিৰ্বাচনত জয় নিশ্চিত কৰাৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ কি ৰণ নীতি হ'ব তাক লৈ চলিছে জল্পনা কল্পনা ৷
একেদৰে ঢাল তৰোৱাল লৈ সাজু হৈছে ৰাজনৈতিক দল সমূহো ৷ কোন দলে কাক প্ৰাৰ্থীত্ব দিব ? উপ নিৰ্বাচনত জয় নিশ্চিত কৰাৰ বাবে
আনহাতে অগপ দলে উপ নিৰ্বাচনত কোনোধৰণৰ প্ৰতিদ্বন্দিতা নকৰে । চাৰিটা সমষ্টিতে বিজেপিক সহায় কৰাৰ কথা ইতিমধ্যে অগপৰ সভাপতিয়ে ঘোষণা কৰিছে। বিপৰীতে এ আই ইউ ডি এফৰ এই উপ নিৰ্বাচনত গুৰুত্ব পূৰণ ভূমিকা থাকিব ৷ জনীয়া সমষ্টিত ৰফিকুল ইছলামক টিকট প্ৰদান কৰাৰ সম্ভাৱনা আছে এ আই ইউ ডি এফ দলে । কিন্তু সোনাৰী,ৰাতাবাৰী আৰু ৰঙিয়া এই তিনিটা সমষ্টিত এ আই ইউ ডি এফ দলে কাক প্ৰাৰ্থীত্ব দিব সেয়া এতিয়ালৈকে স্পষ্ট কৰা নাই ৷