অসম

assam

ETV Bharat / state

৫৬৬.২০ কোটি টকাৰ ঘাটিৰে অজন্তা নেওগে দাখিল কৰিলে ১০৭৫৫৬.২৯ টকীয়া বাজেট - বস্ত্ৰ উদ্যোগ

ৰাজ্যৰ মধ্য বিত্তীয় জীৱনৰ ওপৰত কোনো নতুন কৰৰ বোজা নিদিয়াকৈ শুকুৰবাৰে বিয়লি বিধানসভাৰ (ASSAM ASSMBLY) মজিয়াত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে। দেশজুৰি অব্যাহত ক’ভিড (COVID-19) কালীন পৰিস্থিতিৰ অচলাৱস্থাকো নেওচি বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰিছে কেতবোৰ অভিলাসী প্ৰস্তাৱ।

assam-budget-submitted-at-house-today-by-fm-ajanta-neog
৫৬৬.২০ কোটি টকাৰ ঘাটিৰে অজন্তা নেওগে দাখিল কৰিলে ১০৭৫৫৬.২৯ টকীয়া বাজেট

By

Published : Jul 16, 2021, 7:57 PM IST

গুৱাহাটী, ১৬ জুলাই :২০২১-২০২২ বিত্তীয় বৰ্ষটোৰ বাবে মুঠ ১০৭৫৫৬.২৯ কোটি টকাৰ ব্যয় প্ৰস্তাৱেৰে শুকুৰবাৰে বিয়লি বিধানসভাৰ মজিয়াত ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMNTA BISWA SARMA) চৰকাৰৰ প্ৰথমখন বাজেট (Assam budget) দাখিল কৰিলে ৰাজ্যৰ প্ৰথম গৰাকী বিত্তমন্ত্ৰী অজন্তা নেওগে (AJANTA NEOG)। ক’ভিড (COVID-19) কেন্দ্ৰিক অচলাৱস্থাৰ বৰ্তমানত ৰাজ্যৰ বাৰ্ষিক বাজেট কি হ’ব‌ বুলি সচেতন মহলত চলিছিল ব্যাপক চৰ্চা । তাৰ‌ মাজতে আজি বিজেপিৰ (BJP) কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতিক সাকাৰ‌ৰূপ দি বিত্ত মন্ত্ৰী (FINANCE MINSTER) গৰাকীয়ে দাখিল কৰিলে ৫৬৬.২০ কোটিৰ সামান্য ঘাটিৰে এখন অভিলাষী বাজেট (budget )।

মুঠ ১০৭৫৫৬.২৯ কোটিৰ মুঠ ব্যয় প্ৰস্তাৱ লোৱা এই বাজেটৰ বায় ৰাজহ শিতানৰ পৰা ৮৪৪০৫.৪৭ কোটি আৰু মূলধন শিতানৰ পৰা ২৩১৫০.৮২ কোটি টকা দেখুওৱা হৈছে । ৰাজ্যৰ তদানীন্তন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰা পৰম্পৰাকে সাৰোগত কৰি আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক কবিতাৰ পংক্তিৰে আৰম্ভ কৰে তেওঁৰ বাজেট ভাষণ । পৰৱৰ্তী সময়তো বাজেট ভাষণৰ আকৰ্ষণ বৃদ্ধিৰে আবৃত্তি কৰি‌ যায় সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা, কবি হীৰেন ভট্টাচাৰ্যৰ জনপ্ৰিয় কবিতাৰ পংক্তি। ভাষণ শেষো কৰে সংস্কৃত শ্লো’কেৰে ।

স্বাভাৱিকতে, যোৱা পাঁচটা বছৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ (STATE GOVERNMENT) বিত্ত মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মধ্য বিত্তীয় জীৱনক আকৰ্ষিত কৰাৰ যি ধাৰাৰ আৰম্ভণি ঘটাইছিল আজি অৱধাৰিতভাৱে অজন্তা নেওগৰ বাজেটতো সেই কথাই প্ৰতিফলিত হয় । আজিৰ এই বাজেটত নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ ঋণী মহিলাৰ ঋণ ৰেহাইৰ বাবে চৰ্ত সাপেক্ষে ৭৫০০ কোটিৰ প্ৰস্তাৱ ৰখাৰ উপৰি অৰুনোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আজিৰ বাজেটত ৰখা হয় । হিতাধিকাৰী মুখী বাজেটখনৰ এই দুই প্ৰস্তাৱ আছিল অন্যতম আকৰ্ষণৰ বিষয় । বিত্ত মন্ত্ৰী গৰাকীয়ে আজি আঙুলিয়াই দিয়ে যে, অৰুণোদয় আঁচনি খন হৈছে এনে এখন বৃহৎ আঁচনি যত ৰাজ্যৰ ৪০% পৰিয়ালৰ স্বাৰ্থ জড়িত হৈ আছে ।

অৰুণোদয়ৰ ৰূপায়নৰ বাবে এই বাজেটত ১৮০০ কোটি টকাৰ এক বৃহৎ পুঁজিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । আনহাতে, নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বাজেটত ১ লাখ ৪৩ জন নিবনুৱাক সংস্থাপিত কৰাৰ প্ৰস্তাৱ উল্লেখ কৰা হৈছে।‌বাজেটত স্থান পোৱা আন‌ আন গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সমূহৰ ভিতৰত আছে - গুৱাহাটীৰ পাহাৰত বাস কৰা পৰিয়াল সমূহক মাটিৰ পট্টা দিয়া, তামুলপুৰক জিলালৈ উন্নীত কৰা , ১০০০০ টকা অংগনবাড়ী কেন্দ্ৰক মডেল হিচাবে নিৰ্মাণ কৰা, আৰু পাঁচখন নতুন মেডিকেল কলেজ স্থাপন কৰা, এক ৰাষ্ট্ৰ এক ৰেছন কাৰ্ড' নীতি বলবৎ কৰা, ১৮ খন‌ সংখ্যা লঘু মহিলা মহাবিদ্যালয় স্থাপন, গোৱালপাৰাৰ অজগৰ বনাঞ্চলক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা, নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প ৰূপায়ন ৷

একেদৰে এপল' বস্ত্ৰ উদ্যোগৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়া, কাৰ্বি আংলঙত ৰাজ্যিক বিশ্ব বিদ্যালয় স্থাপন, এনডিএফবিৰ কেডাৰৰ সংস্থাপন, ১০০ বছৰীয়া শিক্ষানুষ্ঠানক চেন্টাৰ ফৰ এস্কিলেণ্স হিচাবে গঢ়ি তোলা, ৰাজ্যত গাই গৰুৰ সংখ্যা বৃদ্ধিৰ বাবে ১.২৫ লক্ষ শুক্ৰানুৰ আমদানি ইত্যাদি । উল্লেখ্য যে, বাজেট ভাষণৰ শেষৰফালে বিত্ত মন্ত্ৰী অজন্তা নেওগে বিভাগ সমূহৰ বিপৰীতে আৱন্টিত পূজিৰ পৰিমান উল্লেখ কৰে। সেই অনুসৰি বৃহৎ পৰিমানৰ পুঁজিৰ ব্যয় প্ৰস্তাৱ আগবঢ়োৱা বিভাগ কেইটা হৈছে- কৃষি বিভাগ, ২৩৪০.০৩ কোটি, প্ৰাথমিক শিক্ষা ৯৩৮৯.৫৪ কোটি, উচ্চ শিক্ষা ২৬১২.৮০ কোটি, মাধ্যমিক শিক্ষা, ৫২৩১.৫১ কোটি, পৰিবেশ আৰু বন, ৭৩০.১২ কোটি, খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা, ৯১৫.০৭ কোটি, সাধাৰণ প্ৰশাসন, ৭২০.৩০ কোটি, স্বাস্থ্য ৷

পৰিয়াল কল্যাণ, ৭০০৪.৫৪ কোটি, গৃহ বিভাগ: ৫৬৫৯.৭৪ কোটি, জলসিঞ্চন ১২৪৫.৮৫ কোটি ৷ আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ৮০২৪.৬৯ টকা, শক্তি ৪৩৫৪.৯৬ কোটি, জনস্বাস্থ্য আৰু কাৰিকৰী ১২০৪.৩৪ কোটি, লোকনিৰ্মান (পথ) ৮৫৮৩.৩৭ কোটি, ৰাজহ আৰু দুৰ্যোগ: ২৮০৯.২৪ কোটি, সমাজ কল্যাণ ২০১১.৬৬ কোটি, ৰূপান্তৰ আৰু উন্নয়ন ১৭১৯.৪৭ কোটি টকা।‌ মনকৰিবলগীয়া যে, ৰাজ্য ৰাজনীতিত আজি প্ৰথম বাৰৰ বাবে এগৰাকী মহিলা বিত্ত মন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত বাজেট দাখিল কৰা কাৰ্যক আজি বিভিন্ন জনে প্ৰশংসা কৰিছে । অজন্তা নেওগে নিজেই নিজক প্ৰথমে এগৰাকী মহিলা বিত্ত মন্ত্ৰী হিচাপে পৰিচয় দিয়ে আৰু বাজেট দাখিল পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাজেটক‌ সেই ভাবেই প্ৰশংসা কৰে। কিন্তু 'মহিলা' বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেটত আজি মহিলাৰ সুৰক্ষা, কৰ্মসংস্থাপন, বৰ্ধিত ঘৰুৱা হিংসা আনকি মূল্য বৃদ্ধি সন্দৰ্ভত কোনো প্ৰস্তাৱ লোৱা‌ পৰিলক্ষিত নহ'ল।

লগতে পঢ়কঃ অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

ABOUT THE AUTHOR

...view details