গুৱাহাটী,6 মাৰ্চঃ বাজেট ভাষণ সমাপ্তিৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্বই সম্বোধন কৰে সংবাদ মাধ্যমক ৷ মন্ত্ৰীগৰাকীয়ে কয় যে,"আমাৰ চাৰিটা বছৰৰ কাম-কাজ সমাহিত কৰি অসমৰ জনগণৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ আমি বাজেট প্ৰস্তুত কৰাৰ চেষ্টা কৰিছোঁ"। উল্লেখ্য যে, বাজেটত উল্লেখ থকা অৰুণোদয় আঁচনিয়ে অসমৰ ২৭লাখ দুখীয়া লোকৰ হৃদয় স্পৰ্শ কৰিব । অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চাউল, দালিৰ লগতে মাহেকীয়া ৰেচন বিনামূলীয়াকৈ যোগান ধৰা হ'ব বুলি বাজেটত ঘোষণা কৰা হৈছে । ইয়াৰোপৰি, স্বাস্থ্য খণ্ডত বিশেষ সাহায্য প্ৰদান কৰাৰ লগতে দিব্যাংগসকললৈ বিস্তৰ সহায় আগবঢ়োৱা হৈছে ।
বাজেটৰ অন্তত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া - অসম বিধানসভা
অৱশেষত বহু প্ৰত্যাশিত অসম বিধানসভাত শুকুৰবাৰে বাজেট উত্থাপন কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ৷ বাজেট ভাষণ সমাপ্তিৰ পিছত বিত্তমন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰে ৷ সংবাদমাধ্যমক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে বাজেটৰ ভিন্ন প্ৰসংগৰ ব্যাখ্যা কৰে ৷

অসম বাজেট 2020
আনহাতে, নিবনুৱা যুৱকসকলৰ কৰ্ম সংস্থাপনৰ বাবে নতুন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে বাজেটৰ জৰিয়তে । তাৰবাবে অসম মালাৰ দৰে নতুন আঁচনি গ্ৰহণ কৰা হৈছে ৷ এন আৰ এল যাতে সদায় অসমৰ ৰাইজৰ হাতত থাকে তাৰবাবে এক বিশাল পৰিকল্পনা হাতত লোৱা হৈছে । বিত্তমন্ত্ৰী গৰাকীয়ে অসমৰ ৰাইজে বহুদিনলৈ এই বাজেটখন স্মৰণ কৰিব বুলি উল্লেখ কৰে । লগতে মন্ত্ৰী শৰ্মাই অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু মাটিৰ লগত মিল থকা এটা নতুন বাট মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে যাৰ জৰিয়তে অসমৰ ৰাইজে বহুদিনলৈ সোণোৱাল চৰকাৰক মনত ৰাখিব ।