গুৱাহাটী,16 জুলাই: বহু উৎকণ্ঠাৰ অন্তত অৱশেষত পঞ্চদশ অসম বিধানসভা(Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশনত বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ পূৰ্বতকৈ কিছু পৃথক ৰূপত দেখা পোৱা গৈছে এই বাজেটখন ৷ এই বাজেটখনক নিজেই 'মমতাময়ী' বাজেট বুলি আখ্যা দিছে স্বয়ং বিত্তমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু কি আছে অজন্তাৰ 'মমতাময়ী' বাজেটত ?
বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটখনত উল্লেখ থকা মূল বিষয়সমূহ হৈছে এনেধৰণৰ-
1. নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত ৷ 1 লাখ 43 জন নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ'ব ৷ সৰ্বমুঠ 49 টা চৰকাৰী বিভাগত হ'ব এই নিযুক্তি ৷
2. মাইক্ৰ'ফাইনেঞ্চৰ নিয়মীয়া কিস্তি পৰিশোধকাৰীলৈ 25 হাজাৰ টকাকৈ উদগনিমূলক সাহাৰ্য ৷ এই সন্দৰ্ভত 7,500 কোটি টকাৰ ব্যয় কৰাৰ সিদ্ধান্ত ৷
3."অৰুণোদয়" আঁচনিৰ ধন প্ৰতি মাহে 830 টকাৰ পৰা 1,000 টকালৈ বৃদ্ধি কৰা হ'ব ৷ এই আঁচনিত অন্তৰ্ভুক্ত হৈছে 6,34,000 নতুন হিতাধিকাৰী ৷ লগতে বছৰৰ এটা মাহ "অৰুণোদয় মাহ" ৰূপে পালন কৰা হ'ব ৷
4.এহেজাৰ কোটি টকা ব্যয় সাপেক্ষে এহেজাৰ কিলোমিটাৰ মথাউৰি শক্তিশালী কৰাৰ লক্ষ্য ৷
5. গাঁৱৰ শিপিনী সকলক সবল কৰাৰ উদ্দেশ্যে 1,23,000 গৰাকী শিপিনীক প্ৰশিক্ষণ দিয়া হ'ব ৷
6. সমগ্ৰ অসমত এহেজাৰটা মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব ৷
7. মুঠ 805 খন চাহ বাগিচাত টেপ যোগে পানী যোগানৰ সিদ্ধান্ত ৷