অসম

assam

ETV Bharat / state

অসম বাজেট সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্তব্য

'চৰকাৰে যিমান ভাল কাম কৰক বিৰোধীয়ে সমালোচনা কৰিবই মই ১০ বছৰে বিধায়ক থকা অৱস্থাত এইবোৰ অভিজ্ঞতা পাই আহিছোঁ।'- ৰামেশ্বৰ তেলী ৷

By

Published : Mar 7, 2020, 4:41 PM IST

Updated : Mar 7, 2020, 4:58 PM IST

অসম বাজেট সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্তব্য
অসম বাজেট সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্তব্য

গুৱাহাটী, 7 মাৰ্চঃ শনিবাৰে গুৱাহাটীত অনুস্থিত হোৱা জন ঔষধি অনুস্থানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসম বাজেট 2020-21 সম্পৰ্কে মন্তব্য প্ৰদান কৰি বিৰোধিৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে ৷ তেওঁ কয় যে, 'চৰকাৰে যিমান ভাল কাম কৰক বিৰোধীয়ে সমালোচনা কৰিবই ৷ মই ১০ বছৰে বিধায়ক থকা অৱস্থাত এইবোৰ অভিজ্ঞতা পাই আহিছোঁ ।'

বাজেট সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্তব্য

লগতে তেওঁ কয়, মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ এইখন এখন সৰ্বাংগ সুন্দৰ বাজেট । বাজেট খনৰ বাবে ৰামেশ্বৰ তেলী ডাঙৰীয়াই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ যে, এই বাজেটখনৰ জৰিয়তে পৰা সকলো জাতি, জনগোষ্ঠীৰ লোককে সামৰি লোৱা হৈছে আৰু ইয়াৰ দ্বাৰা সকলো জাতি জনগোষ্ঠী উপকৃত হোৱাৰ আশা ব‍্যক্ত কৰে ।

লগতে পঢ়তঃ বাজেটত ঘোষিত আচনিৰ ধন ক'ৰ পৰা আহিবঃ ডঃ দেৱজিৎ মহন্ত

Last Updated : Mar 7, 2020, 4:58 PM IST

ABOUT THE AUTHOR

...view details