অসম

assam

অসম বাজেট 2020-21 : থোৰতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন খণ্ড

By

Published : Mar 6, 2020, 7:01 PM IST

সদনত আজি উত্থাপন কৰা হয় 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধূতি-পাঞ্জাৱী পৰিধান কৰি সদনত উত্থাপন কৰে বিত্তীয় বাজেট ৷ চলিত বাজেটত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন খণ্ডক লৈ কেবাটাও গুৰুত্ব পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ আছে ৷ বিভাগৰ বাবে বাজেটত আবণ্টন দিয়া হৈছে সৰ্বমুঠ 5677 কোটি টকা ৷

অসম বাজেট 2020-21 : থোৰতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন খণ্ড
অসম বাজেট 2020-21 : থোৰতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন খণ্ড

নিউজ ডেস্ক, 6 মাৰ্চ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত জীৱিকাৰ সুবিধা বৃদ্ধি, দাৰিদ্ৰ্য বিমোচন, সামাজিক নিৰাপত্তাকে ধৰি গ্ৰামাঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷ ইয়াৰ ভিতৰত মহিলাসকলকে ধৰি অন্যান্যসকলৰ অন্তৰ্ভূক্তিও অন্যতম ৷

এমজিএনৰেগা আঁচনিৰ অধীনত মহিলা অংশগ্ৰহণকাৰীৰ সংখ্যা 41.23 শতাংশলৈ বৃদ্ধি পাইছে ৷ মুঠ 2.47 লাখ সম্পদ সৃষ্টিৰে ISROৰ সহায়ত Geo-Tagged কৰা হৈছে ৷ আঁচনিৰ অধীনত ইতিমধ্যেই ব্য়য় কৰা হৈছে 955 কোটি টকা ৷ আগন্তুক বছৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত 3 লাখ নতুন গৃহ নিৰ্মাণৰ বাবে কৰ্মপন্থা লোৱা হৈছে ৷ 2020-21 বিত্তীয় বৰ্ষত এমজিএনৰেগা আঁচনিৰ অধীনত 6.50কোটি কৰ্মদিন সৃষ্টিৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ 2020 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন অনুসৰি, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহে অনুদান লাভ কৰিব ৷

ABOUT THE AUTHOR

...view details