অসম

assam

ETV Bharat / state

খেল’ ইণ্ডিয়া 2020: বক্সিঙত 15 টা পদকৰ আশা অসমৰ - ১৫ টাকৈ পদক লাভ কৰাৰ আশা মুখ্য প্ৰশিক্ষক অমৰ ডেকাৰ

তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছৰ বক্সিং শাখাত মুঠ ১৫ টাকৈ পদক লাভ কৰাৰ আশা অসমৰ । ৰাজ্যৰ দুই মহিলা বক্সিঙ খেলুৱৈ লাভলীনা বুঢ়াগোঁহাই আৰু অংকুছিতা বড়োৰ দুৰ্দান্ত প্ৰদৰ্শনৰ আশা মুখ্য প্ৰশিক্ষক অমৰ ডেকাৰ ।

খেল’ ইণ্ডিয়া 2020: বক্সিঙত 15 টা পদকৰ আশা অসমৰ
খেল’ ইণ্ডিয়া 2020: বক্সিঙত 15 টা পদকৰ আশা অসমৰ

By

Published : Jan 17, 2020, 2:18 PM IST

গুৱাহাটী, 17 জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছত আয়োজক ৰাজ্য অসমৰ প্ৰদৰ্শন সন্তুষ্টজনক । অসমৰ খেলুৱৈ সকলে উন্নত প্ৰদৰ্শন দাঙি ধৰি খেল’ ইণ্ডিয়া য়ুথ গেমছৰ বিভিন্ন শাখাত কেইবাটাও পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

বক্সিঙৰ ক্ষেত্ৰখনত বৰ্তমান উত্তৰ পূৱৰ খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শনৰ লগতে অসমৰ বক্সিঙ খেলুৱৈ সকলৰ প্ৰদৰ্শনেও সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । কেইবাগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈৰে সজ্জিত অসমৰ বক্সিঙ দলটোৰ পৰা অধিক পদকৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বক্সিঙত অসমৰ পুৰুষ আৰু মহিলাই 12 টাকৈ বাউটত অংশগ্ৰহণ কৰি 7 টা বাউটত জয় লাভ কৰিছে ৷

বক্সিঙত 15 টা পদকৰ আশা অসমৰ

ইপিনে প্ৰথমদিনাই বক্সিঙত অসমৰ পাঁচগৰাকীকৈ খেলুৱৈয়ে ছেমি ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিছে । শুকুৰবাৰেও অসমৰ খেলুৱৈয়ে 12 টাকৈ বাউটত অংশগ্ৰহণ কৰিব । এনে ক্ষেত্ৰত অসম দলৰ বক্সিঙৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই অসম দলৰ পৰা বক্সিঙত অতি কমেও 15 টাকৈ পদক লাভ কৰাৰ আশা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, অহা 20 তাৰিখৰ পৰা আৰম্ভ হ'ব বক্সিঙত পদকৰ যুঁজ । পদৰ বাবে খেল আৰম্ভ হোৱাত সমগ্ৰ অসমবাসীৰ দৃষ্টি থাকিব অসমৰ দুগৰাকীকৈ মহিলা বক্সিঙ খেলুৱৈ লাভলীনা বুঢ়াগোঁহাই আৰু অংকুছিতা বড়োৰ ওপৰত ।

ABOUT THE AUTHOR

...view details