গুৱাহাটী, ১ জানুৱাৰীঃ নৱবৰ্ষৰ পহিলা দিনটোত লোকাৰণ্য হৈ পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত(Assam engineering Institute playground) আয়োজন কৰা অসম গ্ৰন্থমেলা(Assam Book Fair 2022) ৷ অসম প্ৰকাশন পৰিষদ(Publication Board Assam) আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ (All Assam Publishers and Booksellers Association) যৌথ উদ্যোগত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ৷ দেওবাৰৰ দিনটোত পুৱা দ্বাৰ মুকলি কৰাৰ পৰা সন্ধিয়ালৈ প্ৰায় 50সহস্ৰাধিক লোকৰ সমাগম হয় গ্ৰন্থমেলালৈ ৷
বছৰৰ প্ৰথমটো দিনত গ্ৰন্থৰ বিপণিত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৩ক স্বাগত জনাই নিৰ্মল আনন্দ উপভোগ কৰে হেজাৰ হেজাৰ পঢ়ুৱৈয়ে ৷ দেওবাৰৰ দিনটোত কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে(Book selling at Assam Book Fair 2022) ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা ১ জানুৱাৰী পৰ্যন্ত ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদে ৷
ইফালে, দেওবাৰে বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় “মই কিয় লিখোঁঃ স্ব-পৰিক্ৰমা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ ইয়াত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে(Phanindra Kumar Dev Choudhury) বিষয় সন্দৰ্ভত কয় , ‘‘সকলো লেখকে একে কাৰণতে নিলিখে ৷ সকলোৰে বেলেগ বেলেগ কাৰণ আছে ৷’’ তেওঁ দহ বছৰ বয়সৰ পৰাই লিখা বুলি উল্লেখ কৰি কয়, “ সমাজখন ঘটনা বহুল ৷ এনে বহু ঘটনা মানি ল’ব নোৱাৰোঁ বা হজম কৰিব নোৱাৰোঁ ৷ তেতিয়া মনত অশান্তি আৰু অস্থিৰততাৰ সৃষ্টি হয় ৷ আনন্দ আৰু বিষাদৰ সময়তো অস্থিৰতা আৰু চটফটনিৰ সৃষ্টি হয় ৷ এনে অস্থিৰতাৰ পৰা মুক্তি পাবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছিলোঁ ৷ কিন্তু অস্থিৰতাৰ উপশম নঘটিল ৷ কলম হাতত তুলি ল’লেহে ইয়াৰ পৰা মুক্ত হ’ব পাৰোঁ ৷ মই এইবাবেই লিখোঁ ৷ অৰ্থাৎ মানসিক অশান্তিৰ পৰা মুক্তি লাভ কৰাৰ ঔষধ হিচাপেই যোৱা ৬০ বছৰে অবিৰতভাৱে লিখি আহিছোঁ ৷’’
আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট কাহিনীকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই(Apurba Kumar Saikia) ৷ তেওঁ কয়, “ সাহিত্য কৰ্ম এক নিৰলস সাধনাৰ যাত্ৰা ৷ এয়া কঠিন যাত্ৰা ৷ তথাপি সাহিত্যিকসকলে কিয় এই যাত্ৰাত অৱতীৰ্ণ হয়, এয়া বৰ গুৰুত্বপূৰ্ণ বিষয় ৷ এই প্ৰশ্নৰ উত্তৰ প্ৰতিজন লেখকৰ বাবে বেলেগ হোৱাই স্বাভাৱিক ৷ ৰাজনৈতিক আদৰ্শ , নন্দনতাত্বিক উদ্বিগ্নতা , আত্মমগ্নতা আদি বিভিন্ন কাৰণত লিখা হয় ৷ আনকি নিজকে কেতিয়াবা লুকুৱাবলৈও লিখা হয় ৷ সাহিত্যই তাৎক্ষণিকভাৱে কোনো বিপ্লৱ আনিব বুলি ভাবিব নোৱাৰি ৷ সাহিত্যৰ যাত্ৰা একধৰণৰ বিবৰ্তন বুলি ক’ব পাৰি ৷”
আন এগৰাকী আলোচক অতিথি , বিশিষ্ট গল্পকথক লীনা শৰ্মাই(Leena Sarma) কয় যে, “ জৰ্জ অ’ৰৱেলৰ এখন কিতাপ আছে Why I Write. এই বিষয়ে তেওঁ বিভিন্ন কাৰণ দৰ্শাইছে ৷ সেই অনুসৰি বহুতে অহংকাৰত লিখে , কিছুমানে মন ভাল লগাবলৈ লিখে , কিছুমানে বুৰঞ্জীৰ ভুল তথ্য শুধৰাবলৈ লিখে আদি ৷ মই কিন্তু দ্বিতীয়টো কাৰণত অৰ্থাৎ মন ভাল লগাবলৈ লিখোঁ ৷ তদুপৰি বিভিন্ন সময়ত আনে কৰা সুন্দৰ কাম কৰিব নোৱাৰি হীনমন্যতাত ভুগো ৷ ইয়াৰ পৰা মুক্তি লাভ কৰিবলৈও লিখিবলৈ লওঁ ৷ বৰ আনন্দত থাকিলেও লিখিব নোৱাৰোঁ ৷ মন বেয়া লাগিলে বা বিষাদেৰে ভাৰাক্ৰান্ত হ’লে মন ফৰকাল কৰিবলৈ মই লিখিবলৈ আৰম্ভ কৰোঁ ৷”
একেদৰে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতীয়ে(Sibananda Kakoti) ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি কয় যে, ‘‘ লেখকসকল এটা শ্ৰেণী ৷ সকলো শ্ৰেণীৰে এটা বৈশিষ্ট্য থাকে ৷ লেখক শ্ৰেণীৰো তেনে একেধৰণৰ বৈশিষ্ট্য আছে ৷ গতিকে লিখাৰ কিছুমান কাৰণ একে ৷ কিন্তু প্ৰত্যেকে যিহেতু পৃথক মানুহ গতিকে লিখাৰ পৃথক কাৰণো নিশ্চয় আছে ৷ মোৰ নিজৰ মাজতে অহৰহ দ্বন্দ্ব থাকে ৷ যেন মোৰ লিখক সত্তা মোৰ পৰা বেলেগ ৷ সেয়ে মই কিয় লিখোঁ বুলিলে দ্বিধাগ্ৰস্ত হওঁ ৷ তথাপি কব পাৰোঁ যে মই মোৰ গাঁৱখনৰ প্ৰতি , গ্ৰাম্য জীৱনৰ প্ৰতি দায়ৱদ্ধ ৷ ইয়াৰ পৰাই মই মোৰ পৃথিৱীৰ সন্ধান কৰোঁ ৷ গতিকে লিখাৰ প্ৰক্ৰিয়া মোৰ বাবে সেৱা নাইবা প্ৰাৰ্থনা ৷”