গুৱাহাটী, ৯ জুলাইঃ গুৱাহাটী জিলা উপায়ুক্তৰ সভাকক্ষত ব'লবোম উৎসৱ সন্দৰ্ভত প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । সভাত ভক্ত সকলৰ নিৰাপত্তা দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
মংগলবাৰে গুৱাহাটী জিলা উপায়ুক্তৰ সভাকক্ষত আগন্তুক ব'লবোম উৎসৱ আয়োজন সন্দৰ্ভত এখনি বিশেষ সভা অনুষ্ঠিত হয় । প্ৰতিবছৰৰ দৰে এইবাৰো অহা ১৬জুলাইৰ পৰা প্ৰায় এমাহ ধৰি চলিব ব'লবোম উৎসৱ । এই উৎসৱ উপলক্ষে নিৰাপত্তা আৰু ভক্তসকলৰ সুবিধাৰ্থে ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় । বশিষ্ঠ মন্দিৰ আৰু শুক্লেশ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ লগতে জিলা প্ৰশাসনে আলোচনাত মিলিত হৈ উৎসৱটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।