গুৱাহাটী, ১২ জানুৱাৰী : হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত (National level cricket tournaments) ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে । বাংগালুৰুত যোৱা ৯ জানুৱাৰীৰ পৰা ভাৰতৰ দৃষ্টিহীন ক্ৰিকেট সন্থা চমুকৈ কেবৰ দ্বাৰা অনুষ্ঠিত ‘‘সমৰ্থনম ৰাষ্ট্ৰীয় মহিলা দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা’’ত ভাগ লৈ উন্নত খেল প্ৰদৰ্শন কৰিলে অসমৰ দলটোৱে (Assam Blind Women cricket team)।
মুঠ ১৬ খন ৰাজ্যই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈ চাৰিটা দল উন্নীত হয় । অসমে তিনিখন খেলতে পৰাজিত হ’লেও কেৰালাৰ বিৰুদ্ধে ১৮ অভাৰৰ খেলখনত অতি উন্নত প্ৰদৰ্শনেৰে চাৰিটা উইকেটৰ বিনিময়ত ১১৭ ৰাণ কৰে।
দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত অতি শক্তিশালী দিল্লী আৰু তামিলনাডুৰ বিৰুদ্ধেও অসম অৱতীৰ্ণ হয় যদিও পৰাজিত হ’বলগীয়া হয় । প্ৰয়োজনীয় সা-সুবিধা অবিহনে, উপযুক্ত অনুশীলনৰ বাবে সুবিধা নোপোৱাকৈয়ো তথা দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত প্ৰথমবাৰলৈ খোজ দিয়া অসম দলটোৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা উন্নত খেলক লৈ বাংগালুৰুত দলটো উচ্চ প্ৰশংসিত হয় ।
দিল্লীৰ হাতত ১৭৯ ৰাণত আৰু তামিলনাডুৰ হাতত ১১১ ৰাণত পৰাজিত হ’লেও দলটোৱে আপ্ৰাণ চেষ্টা কৰি কেৰালাৰ বিৰুদ্ধে ১১৭ ৰাণ কৰাক লৈ অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক, ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি আৰু শুভাকাংক্ষীসকলে সন্তুষ্টি প্ৰকাশ কৰে । সহায় আৰু পৃষ্ঠপোষকতা পালে নিশ্চয় অসম দলটোৱে উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলন লাভ কৰি ভাল ফল প্ৰদৰ্শন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।