অসম

assam

ETV Bharat / state

মাজুলীক লৈ উচটনিমূলক মন্তব্য নিদিবলৈ ভূপেন বৰাক সকীয়নি লক্ষ্য কোঁৱৰৰ - Assam BJP warned Bhupen Bora not to make provocative statements

নিমাতীঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পাছতে শাসক দল বিজেপি আৰু ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বিভিন্ন অভিযোগ-প্ৰতিঅভিযোগৰ ৰাজনীতি ৷ ইয়াৰ মাজতে শুকুৰবাৰে সংবাদমেল যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সকীয়নি প্ৰদান কৰিছে ৰাজ্যিক বিজেপিয়ে ৷

assam-bjp-warned-bhupen-bora-not-to-make-provocative-statements-to-majuli
মাজুলীকলৈ উচটনিমূলক বক্তব্য নিদিবলৈ ভূপেন বৰাক সকীয়নী

By

Published : Sep 10, 2021, 6:47 PM IST

গুৱাহাটী,10 ছেপ্তেম্বৰ: "মাজুলীৰ অনাকাংক্ষিত ফেৰী দুর্ঘটনাক লৈ কংগ্ৰেছে আৰম্ভ কৰা ৰাজনীতি অত্যন্ত দুৰ্ভাগ্যজনক ৷ বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিমাতীঘাটৰ ফেৰী দুর্ঘটনা তথা মাজুলী সংযোগী দলঙক লৈ সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা মন্তব্য গৰিহণাৰ যোগ্য ৷’’ সংবাদমেল যোগে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপি নেতৃত্বই ৷

মাজুলীকলৈ উচটনিমূলক বক্তব্য নিদিবলৈ ভূপেন বৰাক সকীয়নী

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে, "এই দুর্ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত ৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে জগৰীয়া সকলক উপযুক্ত শান্তি বিহা তথা অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷ দুর্ঘটনা সংঘটিত হোৱাৰ লগে লগে দুৰ্যোগ প্ৰশমন বিভাগৰ তৎপৰতাত চলা উদ্ধাৰ কার্যৰ বাবে অধিক লোক হতাহত নহ'ল ৷ বর্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে সমগ্ৰ উদ্ধাৰ কার্য তদাৰক কৰি আছে ৷"

এই সময়ত শাসক-বিৰোধী সকলোৱে একত্ৰিতভাৱে ৰাইজৰ মাজত ঠিয় হোৱাটো এক সুস্থ গণতান্ত্ৰিক পৰম্পৰা ৷ কিন্তু ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উচতনিমূলক আচৰণ আৰু বক্তব্য গৰিহণা যোগ্য বুলি মন্তব্য কৰে কোঁৱৰে ৷

ইয়াৰ উপৰিও নেতা গৰাকীয়ে উল্লেখ কৰে যে, মাজুলী সংযোগী দলং নিৰ্মাণ বিজেপিৰ পণ আৰু এই চৰকাৰৰ কার্যকালত দলং নিৰ্মাণ সম্পূর্ণ হ'ব ৷ অসম চৰকাৰৰ কেবিনেট বৈঠকত প্ৰত্যেক মাহতে এই দলং নিৰ্মাণ কার্য তদাৰক কৰিবৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগক দায়িত্ব অর্পন কৰা হৈছে ৷ এই কার্যই চৰকাৰখনৰ এই দলঙখন নির্মাণৰ ক্ষেত্ৰত থকা সদিচ্ছা আৰু দৃঢ়তাকেই সূচাইছে বুলি তেওঁ উল্লেখ কৰে লক্ষ্য কোঁৱৰে ৷

লগতে পঢ়কঃউপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি

ইফালে স্বাধীনতাৰ পাছত অধিক সময় ক্ষমতাত থকা কংগ্ৰেছ দলে মাজুলীৰ সূচল যাতায়তৰ বাবে কেতিয়াও চিন্তাই নকৰিলে বুলি অভিযোগ কৰে নেতা গৰাকীয়ে ৷ তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে মাজুলীবাসীক উন্নত যাতায়তৰ ব্যৱস্থা কৰাৰ দিশে আগবঢ়াৰ সময়তে কংগ্ৰেছ দলে ৰাইজক বিপথে পৰিচালিত কৰিছে ৷ আনহাতে ৰাইজ আৰু প্ৰশাসন উদ্ধাৰ কার্যত ব্যস্ত হৈ থকা সময়ত কংগ্ৰেছ দলক প্ৰৰোচনামূলক বক্তব্য ৰখাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে ৰাজ্যিক বিজেপিয়ে ৷

লগতে পঢ়কঃমোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈছে : ৰিপুন বৰা

ABOUT THE AUTHOR

...view details