গুৱাহাটী ,১০ ছেপ্তেম্বৰ: ‘‘হাজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ প্ৰমূল্যবোধৰ আধাৰত ‘বসুদেৱ কুটুম্বকম’ মন্ত্ৰেৰে ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ সন্মিলনে দেশখনক সমকালীন বিশ্বৰ আৰ্থ-ৰাজনৈতিক ক্ষেত্ৰখনত অত্যন্ত শক্তিশালীভাৱে উপস্থাপিত কৰিবলৈ সক্ষম হৈছে,’’ এই মন্তব্য ভাৰতীয় জনতা পার্টীৰ ৰাজ্য়িক মুখ্য মুখপাত্র মনোজ বৰুৱাৰ । আজি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত তেওঁ এই মন্তব্য় কৰে ।
ৰাজ্য়িক মুখ্য মুখপাত্র মনোজ বৰুৱাই পুনৰ কয় যে সমগ্ৰ বিশ্বৰ এক বৃহৎ অর্থনৈতিক আৰু ভৌগলিক অংশীদাৰিত্ব থকা জি-২০ দেশসমূহৰ এইবেলিৰ সন্মিলনে অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, কূটনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহে বিশ্ববাসীৰ সামূহিক উত্তৰণৰ দিশত অত্যন্ত ইতিবাচক প্রভাৱ পেলাব । উল্লেখ্য যে ঐতিহাসিক সিদ্ধান্তৰে জি-২০ সন্মিলনত অফ্রিকান ইউনিয়নৰ অন্তৰ্ভুক্তিৰ পদক্ষেপে বিশ্বৰ অনুন্নত দেশসমূহৰ কণ্ঠ শক্তিশালীভাৱে বিশ্ব সম্প্ৰদায়ৰ ওচৰত তুলি ধৰাৰ ব্যৱস্থা কৰিছে । ইয়াৰ জৰিয়তে বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১৭ শতাংশ নতুনকৈ জি-২০ সন্মিলনৰ সৈতে জড়িত হোৱাৰ পথ প্রশস্ত হ'ল ।
তেওঁ কয় যে একেদৰে জি-২০ সন্মিলনত গ্রহণ কৰা দিল্লী ঘোষণা পত্ৰৰ সিদ্ধান্তসমূহে সংঘাতৰ পৰিৱৰ্তে সমউন্নয়নৰ ধাৰণাৰে বিশ্বৰ দেশসমূহৰ ভৌগলিক অখণ্ডতা, সার্বভৌমত্ব, অর্থনৈতিক বিনিময়ৰ জৰিয়তে উন্নতিৰ ব্যৱস্থাৰে বিশ্বজনীন এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব ।