অসম

assam

ETV Bharat / state

BJP election drive Begins: দিশহাৰা বিৰোধীৰ বিপৰীতে ১৪ সমষ্টিক লৈ বিজেপিৰ ৰণসজ্জা আৰম্ভ - বুথ সশক্তিকৰণ

নিজৰ দখলত থকা ৯টা সমষ্টিত নিজা সাংসদৰ তৎপৰতাৰ উপৰি কলিয়াবৰত সৰ্বানন্দ সোণোৱাল, ধুবুৰীত পবিত্ৰ মাৰ্ঘেৰিটা, নগাঁৱত কামাখ্যা তাছা, কোকৰাঝাৰত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বৰপেটাত ভুৱনেশ্বৰ কলিতাই আৰম্ভ কৰিলে সংগঠন মজবুত কৰাৰ অভিযান। লোক সভাৰ ১৪খন আসনে লাভ কৰাৰ লক্ষ্যৰে আজিৰ পৰা গুৱাহাটীত বিজেপিৰ প্ৰশিক্ষণ শিবিৰ । নিৰ্বাচনী বতাহ আৰম্ভ হোৱাৰ পূৰ্বেই দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰি তোলাত ৰাষ্ট্ৰীয় নেতৃত্বই অধিক গুৰুত্ব আৰোপ কৰিছে ।

Assam BJP special drive for upcoming Lok Sabha election
দিশহাৰা বিৰোধীৰ বিপৰীতে ১৪ সমষ্টিক লৈ বিজেপিৰ ৰণসজ্জা আৰম্ভ

By

Published : Jul 23, 2022, 2:17 PM IST

গুৱাহাটী, ২৩ জুলাই: ৰাজ্যৰ বিৰোধী শিবিৰত বোকা ছটিওৱাৰ ৰাজনীতিৰ লগতে অন্তঃকন্দলত জৰ্জৰিত হৈ বহুধাবিভক্ত হৈ থকাৰ সময়তে অতি সংগোপনে বিজেপিয়ে ২০২৪ৰ নিৰ্বাচনীক লৈ অতি পৰিকল্পিতভাৱে যুঁজত নামি পৰিছে (Assam BJP special drive for upcoming Lok Sabha election)। সমগ্ৰ দেশৰ লগতে অসমৰো চৈধ্যটা লোকসভা সমষ্টিত শাসক দল বিজেপিয়ে সংগোপনে আধুনিক প্ৰযুক্তিৰে যুগুতাইছে নিৰ্বাচনী ৰণকৌশল । সেই অনুসৰি ইতিমধ্যে বিজেপিয়ে ৰাজ্যৰ চৈধ্যটা সমষ্টিত 'বুথ সশক্তিকৰণ' (Booth Strength) প্ৰক্ৰিয়া চলাইছে ।

লোকসভা নিৰ্বাচনলৈ এতিয়াও মাজত প্ৰায় বিশ মাহ সময় বাকী। এনে প্ৰেক্ষাপটতে ৰাজ্যৰ বহুধাবিভক্ত বিৰোধী ৰাজনৈতিক দলসমূহে একপ্ৰকাৰ নিঃপালি দি থকাৰ বিপৰীতে অতি কৌশলেৰে বিজেপি সাংগঠনিকভাৱে জঁপিয়াই পৰিছে চৈধ্যটা লোকসভা সমষ্টিত । 'বুথ সশক্তিকৰণ' প্ৰক্ৰিয়াৰ জৰিয়তে শাসক দলটোৱে পৰৱৰ্তী লোকসভা নিৰ্বাচনলৈ বিশ মাহ সময় থকা অৱস্থাতে কার্যতঃ আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰস্তুতি । ১৩ আৰু ১৪ জুলাইত ৰাজ্যৰ চৈধাটা লোকসভা সমষ্টিতে চলা 'বুথ সশক্তিকৰণ’ প্ৰক্ৰিয়াত বিজেপিৰ ৯ জন সাংসদে নিজ নিজ সমষ্টিত নেতৃত্ব দিয়াৰ বিপৰীতে বর্তমান বিজেপিৰ দখলত নথকা আন পাঁচটা লোকসভা সমষ্টিত পাঁচজন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীয়ে নেতৃত্ব দিলে ।

সেই অনুসৰি কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিত কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপৰিবহণ তথা আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, এ আই ইউ ডি এফৰ দখলত থকা ধুবুৰী লোকসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই, কংগ্ৰেছৰ দখলত থকা বৰপেটা লোকসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই, কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আৰু মিত্ৰদলৰ দখলত থকা কোকৰাঝাৰ লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সেই সাংগঠনিক প্ৰক্ৰিয়াত নেতৃত্ব প্ৰদান কৰে ।

‘বুথ সশক্তিকৰণ’ প্ৰক্ৰিয়াৰ জৰিয়তে বিজেপিয়ে ৰাজ্যৰ আটাইকেইটা লোকসভা সমষ্টিত ২০১৪ চনৰ পিছৰে পৰা অনুষ্ঠিত প্ৰতিটো লোকসভা, বিধানসভা নিৰ্বাচনৰ উপৰি স্থানীয় নিগম-নিকায়, পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বিজ্ঞানসম্মত পৰ্যালোচনা আৰম্ভ কৰিছে । লোকসভা সমষ্টিসমূহৰ অন্তৰ্গত প্ৰতিটো বুথ কেন্দ্ৰত ২০১৪ চনৰে পৰা এতিয়ালৈকে পৰৰ্বতী নিৰ্বাচনসমূহত বিজেপিৰ কিমান ভোট কমিল, কিমান বাঢ়িল । আধুনিক প্ৰযুক্তিৰে ইয়াৰ বিজ্ঞানসন্মত কাৰণ চিনাক্তকৰণ, সেই কাৰণসমূহৰ বিশ্লেষণ আৰু তাৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষ্যৰে শাসক দলটোৱে চৈধ্যটা সমষ্টিত এই ‘বুথ সশক্তিকৰণ’ আৰম্ভ কৰিছে ।

এই ‘বুথ সশক্তিকৰণ' বৈঠকসমূহত লোকসভা সমষ্টি সমিতিসমূহৰ অন্তর্গত প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ১৩-১৪ জনকৈ আৰু সামগ্ৰীকভাৱে লোকসভা সমষ্টিটোৰ পৰা ৩৪-৩৫ লোকে অংশগ্ৰহণ কৰিছে । তেওঁলোকে প্ৰতিটো বুথ কেন্দ্ৰলৈ গৈ বিগত আঠ বছৰত অনুষ্ঠিত নিৰ্বাচনসমূহত বিজেপিৰ কোন বুথত কিমান ভোট বাঢ়িল, কোন বুথত কিমান ভোট কমিল তাৰ বিজ্ঞানসম্মত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব । তদুপৰি প্ৰতিটো বুথ কেন্দ্ৰতে ভোটাৰৰ পৰা ভোটাৰলৈ জনসম্পৰ্ক বিকাশৰো পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰিছে শাসকীয় দলটোৱে ।

কেন্দ্ৰ-ৰাজ্য চৰকাৰে বিগত দিনসমূহত গ্ৰহণ কৰা হিতাধিকাৰী বা অন্যান্য উন্নয়নমূলক আঁচনিসমূহৰ কোন বুথ কেন্দ্ৰৰ কিমানজন ভোটাৰে লাভ কৰিছে, প্ৰতিটো বুথ কেন্দ্ৰৰ ইতিহাস, বুথ কেন্দ্ৰসমূহত ভোটৰ বিন্যাস, জনগাঁথনি, কোনটো বুথ কেন্দ্ৰত কোন জনগোষ্ঠী-ধর্ম-সম্প্ৰদায়ৰ কিমান লোক আছে, প্ৰতিটো বুথ কেন্দ্ৰৰ লোকসকলৰ আৰ্থ-সামাজিক অৱস্থা কেনে, প্ৰতিটো বুথ কেন্দ্ৰত সমাজত প্ৰভাৱ থকা লোক কোন কোন আছে ইত্যাদি দিশসমূহো এই ‘বুথ সশক্তিকৰণ’ প্ৰক্ৰিয়াৰ দ্বাৰা সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে । যাতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এই তথ্যসমূহৰ সঠিক ৰাজনৈতিক প্ৰয়োগ কৰি বিজেপিয়ে বাস্তৱসন্মতভাৱে ভোটাৰৰ সমৰ্থন আদায় কৰিব পাৰে ।

উক্ত লক্ষ্যৰেই ইতিমধ্যে সাংসদসকলে নিজ নিজ সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে । ইফালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ১৪খন আসনেই দখলৰ লক্ষ্য লৈ বিজেপিয়ে দলৰ প্ৰতিটো স্তৰৰ সংগঠন তড়িৎ গতিত শক্তিশালী কৰাৰ ব্যাপক কৌশল গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে আজিৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰিছে প্ৰশিক্ষণ শিবিৰ । দলৰ প্ৰতিগৰাকী কার্যকর্তাক দলীয় আদৰ্শৰে অনুপ্ৰাণিত কৰি দল শক্তিশালী কৰাৰ বাবে এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদককে ধৰি কেইবাজনো শীর্ষ নেতাই অংশগ্ৰহণ কৰিছে । তেওঁলোকে ৰাজ্যিক কর্মকর্তাসকলক প্ৰশিক্ষণ প্ৰদান কৰিব ।

উল্লেখ যে, বিজেপিয়ে সময়ে সময়ে এনে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে যদিও এইবাৰৰ প্ৰশিক্ষণ শিবিৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে । কাৰণ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ বাকী । ২০২৩ চনৰ মাজভাগৰ পৰাই নিৰ্বাচনী বতাহ আৰম্ভ হ’ব । গতিকে এই নিৰ্বাচনী বতাহ আৰম্ভ হোৱাৰ পূৰ্বে দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰি তোলাত ৰাষ্ট্ৰীয় নেতৃত্বই অধিক গুৰুত্ব আৰোপ কৰিছে ।

ইতিমধ্যে অসমৰ দায়িত্বত থকা দলটোৰ ৰাষ্ট্ৰীয় নেতাসকলে মাহৰ অধিকসংখ্যক সময় অসমতেই থাকি ৰাজ্যিক নেতৃত্বক বিভিন্ন দলীয় কাম-কাজৰ দিহা-পৰামৰ্শ দিয়া অব্যাহত ৰাখিছে । দলীয় কাম-কাজৰ সমান্তৰালকৈ নীতি-আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজ সেৱাৰ বাবে প্ৰতিজন কর্মকর্তাই নিজকে উৎৰ্সগিত কৰিব পাৰে সেই ক্ষেত্ৰতো ৰাষ্ট্ৰীয় নেতৃত্বই গুৰুত্ব দিছে । কাৰণ অকল সংগঠন শক্তিশালী হ'লে জনতাৰ পৰা সমস্ত সঁহাৰি পোৱাটো সম্ভৱ নহয় বুলি নিশ্চিত হৈ সেৱাৰ মানসিকতাৰে কাম কৰিবলৈ কৰ্মীসকলক পৰামৰ্শ আগবঢ়াইছে। প্ৰশিক্ষণ শিবিৰত এনেবোৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি দলীয় সূত্ৰই জানিবলৈ দিছে । মুঠতে বিজেপিয়ে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই ।

লগতে পঢ়ক:এবছৰতে ১৫,২৭১.২৭ কোটি টকাৰ ধাৰাত পোত গৈছে হিমন্তৰ চৰকাৰ : অখিল গগৈ

ABOUT THE AUTHOR

...view details