অসম

assam

ETV Bharat / state

পৌৰ নিগমৰ নিৰ্বাচনত নিশ্চিহ্ণ কংগ্ৰেছ: কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ সন্দৰ্ভত কি ক’লে ভৱেশ কলিতাই ? - GMC election 2022

কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে ৷ কংগ্ৰেছ ইতিমধ্যে শেষ হৈছে ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিৰ ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অভিলেখসংখ্যক আসন দখল কৰি বিজেপিয়ে পৌৰ নিগম দখল কৰাৰ পাছত এই মন্তব্য ভৱেশ কলিতাৰ (Bhabesh kalita comments on Congress)৷

Bhabesh kalita comments on Congress
কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ সন্দৰ্ভত কি ক’লে ভৱেশ কলিতাই ?

By

Published : Apr 24, 2022, 7:59 PM IST

গুৱাহাটী, 24 এপ্ৰিল: কংগ্ৰেছক এতিয়া মানুহে ভোট নিদিয়ে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দেওবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ(GMC election 2022) ফলাফলৰ অন্তত মন্তব্য কৰে । উল্লেখ্য যে বিজেপি দলে এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত ছুনামিৰ সৃষ্টি কৰি বৃহৎ সাফল্য লাভ কৰে । আনহাতে এখনো আসন লাভ কৰিবলৈ সক্ষম নহৈ ধৰাশায়ী হয় কংগ্ৰেছ (Congress fails in Guwahati municipal elections)।

দেওবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুযায়ী গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ডৰ ভিতৰত 58 টা ৱাৰ্ডতে বিজেপি আৰু মিত্ৰদল অগপই বিজয় সাব্যস্ত কৰে । ইয়াৰে 52 টা ৱাৰ্ডত বি জে পি আৰু 6 টাত ৱাৰ্ডত অগপ দলৰ প্ৰাথীয়ে বিজয় সাব্যস্ত কৰিছে । কংগ্ৰেছে 60 টা ৱাৰ্ডৰ 54 টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও এখনো আসন লাভ কৰিব নোৱাৰিলে । ইপিনে প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা অজাপ আৰু আপে এটাকৈ ৱাৰ্ড দখল কৰিবলৈ সক্ষম হয় ।

কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ সন্দৰ্ভত কি ক’লে ভৱেশ কলিতাই ?

গুৱাহাটী পৌৰ নিগমৰ ভোটগননা হোৱা মনিৰাম দেৱান বানিজ্য কেন্দ্ৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী উপস্থিত হৈ সাংবাদিকৰ আগত কয়, ‘‘বিৰোধীয়ে দুখন আসন লাভ কৰিলেও গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি এশ শতাংশ জয় লাভ কৰা বুলি ক’লেও ভুল নহ'ব ।" তেওঁ কংগ্ৰেছৰ সম্পৰ্কত কয় যে, কংগ্ৰেছ শেষ হৈছে । কংগ্ৰেছ দল এতিয়া ৰাইজৰ মাজত নাই (Bhabesh kalita comments on Congress)। ভৱেশ কলিতাই লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা উন্নয়নমূলক কামৰ বাবে গুৱাহাটীৰ মানুহে বিজেপিক ভোট দিছে ।

ইপিনে নিৰ্বাচনত জয় লাভ কৰি কেইবাগৰাকীও বিজেপি প্ৰাৰ্থীয়ে গুৱাহাটীৰ খোৱা পানীৰ সমস্যা, জাৱৰৰ সমস্যা আৰু ৰাস্তাৰ বিজুলী বাতিৰ সমস্যা আদি সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে, বিজেপি দলে দলৰ ইস্তাহাৰত গুৱাহাটীৰ খোৱা পানীৰ সমস্যাক সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে । গুৱাহাটীৰ খোৱা পানীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে । এনে পৰিপ্ৰেক্ষিতত শাসকীয় দল বিজেপিৰ গুৱাহাটী পৌৰ নিগমত বৃহৎ সাফল্যৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজয়ী বিজেপিৰ প্ৰাৰ্থীসকলে কিদৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰে সেয়া সময়হে ক'ব ।

লগতে পঢ়ক:পুনৰ মুখথেকেচা কংগ্ৰেছৰ: বিজেপিক গুৱাহাটীবাসীয়ে শেষ সুযোগ দিয়া বুলি মন্তব্য ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details