গুৱাহাটী, ৩ ডিচেম্বৰ :জাত-পাতৰ ৰাজনীতি কৰি, ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি কৰি কংগ্ৰেছে দেশখন টুকুৰা-টুকুৰ কৰিলে ৷ তেওঁলোকে আৰু ক’ত ভাৰত জোড়ো যাত্ৰা কৰিব ! তেওঁলোকৰ ককা, আইতা, নানাই ভাৰতখন শেষ কৰিলে । ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছক এশিকনি দিবলৈ সাজু হৈ আছে ৷ দেওবাৰে গণনা হোৱা চাৰি ৰাজ্যৰ ভোটৰ প্ৰসংগত এইদৰে কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
কংগ্ৰেছৰ নেতৃত্বতেই অধিক সময় চৰকাৰ গঠন হৈছিল বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে সেই চৰকাৰে একো কৰিব নোৱাৰিলে ৷ কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে নিৰ্মাণ কৰা নৱভাৰতৰ জঁকাটোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাকাৰ ৰূপ দিয়া বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ সেই কাৰণেই জনতাই ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিছে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷