গুৱাহাটী, 21 জানুৱাৰী : আগন্তক লোকসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে ৷ ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনক(Lok Sabha Election 2024) লৈ ভোটৰ অংক কৰিছে ৰাজ্যিক বিজেপি । বিজেপি দলক নিৰ্বাচনত জয় হোৱাৰ বাবে সংখ্যালঘু বিশেষকৈ মিঞা অৰ্থাৎ পমুৱা মুছলমানৰ ভোট এৰি চলিছে । গুৱাহাটীত শনিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক প্ৰকাৰৰ সংখ্যালঘুৰ ভোট নালাগে বুলি সদৰী কৰে ।
ভৱেশ কলিতাই কয়- ‘‘আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি জয় হোৱাৰ বাবে সংখ্যালঘুৰ ভোট আমাক নালাগে । সংখ্যালঘুৱে আমাক ভোটো নিদিয়ে’’ । লগতে তেওঁ কয়- ‘‘অৱশ্যে খিলঞ্জীয়া মুছলমানসকল আমাৰ লগত আছে । তেওঁলোকে আমাক ভোট দিব’’ । তেওঁ কয়- ‘‘সংখ্যাগুৰু ভোটাৰে আমাক ভোট দিয়াৰ বাবে ৰৈ আছে । যাৰ বাবে আমাক পমুৱা মুছলমানৰ ভোট নালাগে (Bhabesh Kalita on minority voters)। সংবাদমেলত তেওঁ কয় যে যোৱা ১৬ জানুৱাৰীত আৰু ১৭ জানুৱাৰীত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিবাহ কমিটীৰ বৈঠক অনুষ্ঠিত হয় ।
সকলো ৰাজ্যৰ সভাপতিসকল উপস্থিত আছিল ৷ সভাত আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় ৷ তিনিখন ৰাজ্য মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় ৷ অসমত আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ফেব্ৰুৱাৰীআৰু মাৰ্চত বুথ কমিটি গঠন কৰা, এপ্ৰিলত নতুন নতুন কমিটী কিছুমান গঠন কৰা হ’ব ।