অসম

assam

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:42 PM IST

ETV Bharat / state

Opposition Unity Meeting Guwahati: বিৰোধী ঐক্যমঞ্চক তুচ্ছ-তাচ্ছিল্য কৰাত ব্যস্ত ৰাজ্যৰ প্ৰাক্তন কংগ্ৰেছী

বিৰোধী ঐক্যমঞ্চৰ সভাক লৈ তুচ্ছ-তাচ্ছিল্য কৰাত ব্যস্ত হৈ পৰিছে একালৰ কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি বিধায়ক-মন্ত্ৰীসকল ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হেনো লেং মাৰি হ’লেও গ’ল দিবই ৷ ইফালে প্ৰাক্তন কংগ্ৰেছী পীযুষ হাজৰীকাৰ মতে বিৰোধী ঐক্যমঞ্চৰ সভা কেৱল চাহ-ভাত খোৱা মেলহে ৷ প্ৰাক্তন কংগ্ৰেছী জয়ন্ত মল্ল বৰুৱাৰ মতে বিৰোধী দলসমূহ একোটা একোটা এন জি অ’ অথবা ক্লাব ৷

Etv BharatOpposition Unity Meeting Guwahati
বিৰোধী ঐক্যমঞ্চক তুচ্ছ তাচ্ছিল্য কৰাত ব্যস্ত ৰাজ্যৰ প্ৰাক্তন কংগ্ৰেছী

বিৰোধী ঐক্যমঞ্চক তুচ্ছ তাচ্ছিল্য কৰাত ব্যস্ত ৰাজ্যৰ প্ৰাক্তন কংগ্ৰেছী

গুৱাহাটী, ২৬ অক্টোবৰ :আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দলৰ ঐক্য I.N.D.I.A ৰ অসমৰ সহযোগী বিৰোধী দল‌সমূহে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে ৷ উক্ত বৈঠকক আৰু বিৰোধীৰ মিত্ৰতাক পুনৰ এবাৰ কটাক্ষ আৰু ক্ষুৰধাৰ সমালোচনা কৰিছে এসময়ত কংগ্ৰেছতে থকা বৰ্তমানৰ বি জে পি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী দুগৰাকীৰ সমানত শাৰী পূৰাবলৈ গৈ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও সংবাদ মাধ্যমৰ আগত বিৰোধী দলকেইটাৰ লগতে পূৰ্বৰ ঘৰখনক তুচ্ছ-তাচ্ছিল্য কৰে ।

‌মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিৰোধী ঐক্যমঞ্চৰ মিটিং কেৱল চাহ-ভাত খোৱা মেলহে । প্ৰাক্তন কংগ্ৰেছীগৰাকীয়ে কয়- ‘‘লোকসভা নিৰ্বাচনত আমি ১২ খন আসন পামেই ৷ ।২০২৪ ৰ নিৰ্বাচনলৈকে ঐক্যমঞ্চ নাথাকে । দেশৰ বিভিন্ন ৰাজ্যত বিৰোধী ঐক্যৰ মাজত কেৰোণ লাগিছে ৷ ২০২৪ চনত নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'ব ।’’

ইপিনে বিৰোধী ঐক্যক লৈ মন্তব্য কৰি বৰ্তমানৰ বি জে পি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়- ‘‘এঘন্টা পাচত যদি এখন ফুটবল মেচ হয় আৰু সকলো বিৰোধী একলগ হৈ খেলে, ইফালে বি জে পি আৰু মিত্ৰজোঁটৰ দুজন-এজন থাকিলেও ময়েই প্ৰথমে গ’লটো দিম । বেকত খেলিলেও মই লেং মাৰি হ’লেও পেলাই গ’ল‌ বচাম । আমি ১৩ খন আসন লাভ কৰিমেই । কেৱল এখন আসনহে অলপ সন্দেহত আছে ।’’

আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে বিৰোধী দলসমূহ একোটা একোটা এন জি অ' তথা সৰু‌ সৰু ক্লাবৰ নিচিনা । তেওঁলোক বি জে পি দলক হৰুৱাব নোৱাৰে ।

লগতে পঢ়ক:Opposition Unity Meeting : আসন ভাগ-বাটোৱাৰাক লৈ আজি বিয়লি বিৰোধী ঐক্য মঞ্চৰ বৈঠক

ABOUT THE AUTHOR

...view details