অসম

assam

ETV Bharat / state

Press meet by State BJP state; বিৰোধী ঐক্যৰ নামত কংগ্ৰেছে ঘোলা কণীত উমনি দিছে : ৰাজ্যিক বিজেপি - শান্তি চুক্তিত স্বাক্ষৰ

ৰাজ্যক বিপথে পৰিচালনা কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ তথা ৰাজ্য বিৰোধী দলসমূহে ৷ আনকি কংগ্ৰেছে ঘোলা কণীত উমনি দিছে ৷ যাৰ পৰা একো নহয় ৷ কংগ্ৰেছৰ লগতে ৰাজ্যৰ বিৰোধী দলসমূহক কটাক্ষ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এইদৰে কয় (Assam BJP criticized opposition parties) ৷

Press meet by State BJP state
বিৰোধী দলসমূহক কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ

By

Published : Apr 28, 2023, 10:18 PM IST

বিৰোধী দলসমূহক কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ

গুৱাহাটী, ২৮ এপ্ৰিল :কংগ্ৰেছ দলে সৃষ্টি কৰা বহু আস্থাহীনতাৰ বিপৰীতে বিজেপি চৰকাৰে সমাজৰ সৰ্বস্তৰত গঢ়ি তোলা গভীৰ আস্থাৰ পৰিৱেশৰ প্ৰতি আকৰ্ষিত হৈ বিচ্ছিন্নতাবাদী হৈ পৰা শ শ যুৱক-যুৱতী অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা ইতিবাচক কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰি এই যুৱক-যুৱতী সকলে নিজকে মূল ধাৰাৰ লগত জড়িত কৰি তুলিছে ।

এই বক্তব্য ৰাজ্যিক বিজেপিৰ । শুকুৰবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় এখন সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু লক্ষ্য কোঁৱৰে এইদৰে কয় (Press meet by State BJP state spokespersons)। মুখপাত্ৰদ্বয়ে কয় যে মুখ্যমন্ত্ৰীৰ একক প্ৰচেষ্টাত ডিমা হাচাও জিলাৰ আন এটা বিদ্ৰোহী সংগঠন ডি এন এল এই সশস্ত্ৰ পন্থা পৰিত্যাগ কৰি ৰাষ্ট্ৰৰ মূল ধাৰাৰ লগত নিজকে চামিল কৰে (Assam BJP criticized opposition parties) ।

উল্লেখ্য যে, ২৭ এপ্ৰিলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতেই তিনিওটা পক্ষ এক বুজাবুজিত উপনীত হৈ শান্তি চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগেই পাহাৰীয়া জিলাখনৰ পৰা সশস্ত্ৰ সংগঠনৰ ইতিহাসৰো অন্ত পৰে ।

আনহাতে, বিৰোধী ঐক্যৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লক্ষ্য কোঁৱৰে কয় যে বিৰোধী ঐক্যৰ নামত কংগ্ৰেছ দলে আকৌ এবাৰ অসমৰ জনসাধাৰণক আভুৱা ভাৰিছে । এই ঐক্য ৰাজনৈতিকভাৱে অপ্ৰাসংগিক আৰু নীতিহীন কুচকাৱাজ মাত্ৰ । তেওঁ লগতে কয় যে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেৱল ক্ষমতাৰ বাবে কংগ্ৰেছৰ বোকোচাত উঠাটো অসমৰ সমাজ জীৱনত এক লজ্জাজক ঘটনা হিচাপে চিহ্নিত হ’ব ।

অসম আন্দোলনৰ সময়ত ৮৫৫ জন যুৱক-যুৱতীক গুলীয়াই হত্যা কৰি শ্বহীদ কৰা কংগ্ৰেছ দলৰ লগত লুৰীণজ্যোতি গগৈৰ হলি-গলি কেৱল নীতিহীনেই নহয় অমানৱীয়ও । কংগ্ৰেছ দলে অসম আৰু অসমীয়াকসদায় অৱহেলা কৰি আহিছে । সদৌ অসম ছাত্ৰ সন্থাৰ পৃষ্ঠভূমিৰ পৰা ৰাজনীতিলৈ অহা লুৰীণজ্যোতি গগৈয়ে তেনে এটা দলৰ সৈতে হলি-গলি কৰাটো সঁচাকৈ দুঃখজনক বিষয় হিচাপে চিহ্নিত হৈ ৰ’ব বুলি তেওঁ কয় ।

আনহাতে, বিৰোধী ঐক্যৰ বাবে কংগ্ৰেছৰ উদ্যোগত চলা অনুশীলনক ঘোলা কণীত উমনি দিয়া বুলি বর্ণনা কৰে দলৰ আন এগৰাকী মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই । তেওঁ কয় যে ত্ৰিপুৰা আৰু অসমত বামপন্থীৰ সৈতে মিত্ৰতা কৰা কংগ্ৰেছ দলে কেৰেলাত চি পি এম চৰকাৰৰ বিৰুদ্ধে সদায় ধর্ণা, আন্দোলন কৰে । গতিকে এই কুচকাৱাজৰ ভৱিষ্যত কি সেয়া অতি স্পষ্ট ৰূপত জনসাধাৰণে ইতিমধ্যেই প্ৰত্যক্ষ কৰিছে বুলি তেওঁ কয় ।

লগতে পঢ়ক :AICC GS Jitendra Singh in Guwahati; বিজেপিৰ দিনত দেশৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত আক্ৰমণ হৈছে : জীতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details