গুৱাহাটী, 2 অক্টোবৰঃসমগ্ৰ দেশতে আজি উদযাপন কৰা হয় মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী ৷ বুধবাৰে মহানগৰীত আয়োজিত হোৱা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷
দেশত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজনীয়তা আছেঃ ৰঞ্জিত দাস - অসমৰ ৰাইজৰ এতিয়া কোনোধৰণৰ বিৰোধ নাই
বুধবাৰে মহানগৰীত আয়োজিত হোৱা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তীৰ দিনটোতে বিজেপি সভাপতিগৰাকীয়ে দেশত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজনীতা আছে বুলি উল্লেখ কৰে ৷
মহানগৰীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ মহাবিদ্যালয়ত অনুষ্ঠিত গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰে ৰঞ্জিত দাসে ৷
ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, "অসম বুলি নহয়, ভাৰতবৰ্ষৰ কাৰনে CAB আনিবই লাগিব ৷ ভাৰতীয় জনতা পাৰ্টীৰ এইটো পূৰ্বৰ স্থিতি ৷ আমি যিহেতু Committed, Politically Committed, Ideologically Committed পাৰ্টী, গতিকে CAB অনাটো নিশ্চিত আৰু এইটো বিষয় লৈ কোনোধৰণৰ বিৰোধ নাই ৷ অসমৰ ৰাইজৰ এতিয়া কোনোধৰণৰ বিৰোধ নাই ৷ CABৰ প্ৰাসংগিকতা যে আছে এতিয়া মানুহে বুজি উঠিছে ৷ আগতে এই কথাষাৰ মানুহে বুজিব পৰা নাছিল ৷ NRC প্ৰস্তুত হৈ থাকোতেই বহু মানুহে ভাবিছিল যে, CABৰ প্ৰয়োজন নহ'ব ৷ কিন্তু NRCৰ যি ঘটনা ঘটিলে সেই NRCখন দেখাৰ পিচত সকলোৱে একেমুখে স্বীকাৰ কৰিছে, হয়টো কোনোবাই মুকলিকৈ নকয়, কিন্তু অন্তৰেৰে কয়, অন্তৰাত্মাই কয় , যে নহয় CABৰ প্ৰাসংগিকতা ভাৰতবৰ্ষত আছে ৷"