গুৱাহাটী, 1 জুন :ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বুধবাৰে আয়োজন কৰা হয় এক অনুষ্ঠানৰ (Assam bjp barta inugration in Guwahati)৷ এই অনুষ্ঠানতে ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা”ৰ 66 সংখ্যক সংস্কৰণ উন্মোচন কৰা হয় । ৰাজ্যিক বিজেপিৰ জুন মাহৰ মুখপত্ৰখন গুৱাহাটী মহানগৰৰ মেয়ৰ মৃগেন শৰণীয়াই উন্মোচন কৰে ।
অসমীয়া বিজেপি বাৰ্তাৰ 66 সংখ্যক সংস্কৰণ উন্মোচন ভাষণ প্ৰসংগত মৃগেন শৰণীয়াই কয় যে “অসমীয়া বিজেপি বাৰ্তা”ই দলৰ উঠি অহা কার্যকর্তা সকলক এক বার্তা দিবলৈ সক্ষম হৈছে । ৰাজ্যিক বিজেপিৰ মুখপত্ৰখন কেৱল এক বার্তাবাহক নহয়, ই দল আৰু চৰকাৰ দুয়োটাৰ মাজত এক সেতু বন্ধন হিচাপে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰিব ।
দলৰ দাপোন স্বৰূপ “অসমীয়া বিজেপি বাৰ্তা” প্ৰতিজন কাৰ্যকৰ্তাৰ বাবেই এক মূল্যবান সম্পদ বুলি মত প্ৰকাশ কৰে মেয়ৰ মৃগেন শৰণীয়াই ৷ লগতে তেওঁ কয়, দলৰ মুখপত্ৰখন বর্তমানে 35 হাজাৰ কপি বিতৰণ হোৱাৰ লগতে ডিজিটেল মাধ্যমতো উপলদ্ধ যিটো আমাৰ বাবে এক উল্লেখনীয় সাফল্য ।
বিজেপি অসম প্ৰদেশৰ কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাসে আঁত ধৰা এই অনুষ্ঠানত ডেপুটি মেয়ৰ স্মিতা ৰয় দাস, ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰা, “অসমীয়া বিজেপি বাৰ্তা”ৰ সম্পাদক জিতেন শৰ্মাৰ লগতে দলৰ কাৰ্যকৰ্তা সকল উপস্থিত আছিল ।
লগতে পঢ়ক :75th years of independence : আজাদী কা অমৃত মহোৎসৱত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ