অসম

assam

ETV Bharat / state

Union Budget Reaction: কেন্দ্ৰীয় বাজেটক জনমুখী আখ্যা বিজেপি-অগপৰ - Assam BJP reacts to union budget

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটক বিৰোধীয়ে সমালোচনা কৰাৰ বিপৰীতে বাজেটখনক জনমুখী আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ বাজেটখনে সমাজৰ সকলো শ্ৰেণীৰ লোকক সাঙুৰি লোৱা বুলি মন্তব্য কৰে কলিতাই ৷ ইফালে, অসমৰ দৰে ৰাজ্য বাজেটখনৰ পৰা উপকৃত হ’ব বুলি উল্লেখ কৰে অগপৰ সভাপতি অতুল বৰাই ৷

Union Budget Reaction
কেন্দ্ৰীয় বাজেটক জনমুখী আখ্যা বিজেপি আৰু অগপৰ

By

Published : Feb 1, 2023, 9:17 PM IST

গুৱাহাটী,1 ফ্ৰেব্ৰুৱাৰী:সমাজৰ উচ্চ-নীচ, ধনী-দুখীয়া সকলো শ্ৰেণীৰ জনসাধাৰণকে সামৰি লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে বুধবাৰে সদনত 2023-24 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিলে(Union Budget 2023-24) । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । 2023-24 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক জনমুখী আখ্যা দিয়াৰ লগতে আদৰণিও জনাইছে ভৱেশ কলিতাই(Assam BJP president Bhabesh Kalita) ।

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, কেন্দ্ৰীয় বাজেটত একত্ৰিত বিকাশ, আন্তঃগাঁথনিত বিনিয়োগ, দেশৰ দক্ষতা বিকাশ, যুৱ উন্নয়ন, বিত্ত বিভাগৰ দক্ষতা বৃদ্ধিৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কাৰ্যসূচী ৰূপায়ণ আদি সাতটা বিষয়ত গুৰুত্ব দিয়া হৈছে । অমৃত কালৰ প্ৰথমখন বাজেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বাংগীন বিকাশৰ বাবে ৰূপৰেখা তৈয়াৰ কৰিছে(Union Budget reaction) ৷

আন্তঃগাঁথনিৰ দিশত ভাৰতবৰ্ষক অধিক শক্তিশালী কৰাৰ উদ্দেশ্য পৰিবহনখণ্ডৰ বাবে 75 হাজাৰ কোটি টকা, ৰে'ল বিভাগৰ বাবে 2.40 লাখ কোটি টকাৰ লগতে নতুনকৈ 50 টা বিমান বন্দৰ, হেলিপেড নিৰ্মাণৰ বাবে বাজেটৰ জড়িয়তে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মন্তব্য ভৱেশ কলিতাৰ । এনে পদক্ষেপে ভাৰতবৰ্ষৰ আন্তঃগাঁথনি বিশ্বমানৰ কৰি তুলিব বুলি সদৰী কৰে কলিতাই ৷

আনহাতে তেওঁ কয় যে, বাজেটত শিশুসকলৰ বাবে ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল, পঞ্চায়ত আৰু ৱাৰ্ডত ডিজিটেল পুথিভঁৰালৰ নিৰ্মাণৰ লগতে ই-ক’ৰ্টৰ বাবে 7 হাজাৰ কোটি টকা ধার্য কৰিছে । এনে পদক্ষেপে দেশৰ জনসাধাৰণক বৰ্তমান সময়ৰ লগত খোজ মিলাব পৰাকৈ অধিক ডিজিটেলমুখী কৰি তুলিব ।

দেশৰ পৰ্যটন ক্ষেত্ৰ ৰাজহ আহৰণৰ অন্যতম ক্ষেত্ৰ । বছৰি ভাৰতলৈ বহু বিদেশী পর্যটকৰ আগমন ঘটে । সেয়ে পর্যটনখণ্ডৰ উত্তৰণৰ কাৰণে নতুনকৈ পৰ্যটন এপৰ ব্যৱস্থা কৰাৰ লগতে দেশৰ 50 টা পৰ্যটনস্থলীক পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে । ইয়াৰ দ্বাৰা দেশৰ পৰ্যটন খণ্ড আৰু অধিক বিকাশ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে(Assam BJP reacts to union budget) ।

একেদৰে আয়কৰ 7 লাখলৈ ৰেহাই, মীন পালকৰ বাবে 6 হাজাৰ কোটি, নগৰ আন্তঃগাঁথনিৰ বাবে 10 হাজাৰ কোটি, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাবে 79 হাজাৰ কোটি, শক্তি ৰূপান্তৰৰ বাবে 35 হাজাৰ কোটি টকা আৱণ্টন দিয়াৰ লগতে নাৰী সকলৰ বাবে ‘মহিলা সন্মান চেভিংছ চাৰ্টিফিকেট’, দেশৰ যুৱ প্ৰজন্মৰ কৌশল বিকাশৰ হেতু ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা- 4.0’ মুকলি কৰাৰ লগতে 30 টা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ কথা ঘোষণা দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অত্যন্ত ইতিবাচক বার্তা বুলি কলিতাই উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, 2023-24 বৰ্ষৰ কেন্দ্ৰীয় বাজেটে এনেদৰে দেশৰ সৰ্বাঙ্গীন বিকাশৰ বাবে সামগ্ৰিকভাৱে সকলো দিশকে সামৰি লৈছে । এই সময় উপযোগী বাজেটখনে সমগ্ৰ দেশৰ জনসাধাৰণকে উপকৃত কৰিব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে আশা ব্যক্ত কৰে ।

ইফালে, কেন্দ্ৰীয় বাজেট সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ বাবে আশাব্যঞ্জক আৰু দেশৰ বিত্তীয় গাঠনি দৃঢ় কৰাৰ বাস্তৱ প্ৰতিফলন বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ মিত্ৰদল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই(AGP leader Atul Bora) । বৰাই কয় যে, বাজেটখনত মধ্যবিত্ত আৰু সাধাৰণ লোকে সকাহ অনুভৱ কৰাৰ প্ৰাসংগিক ক্ষেত্ৰসমূহ বিকশিত হোৱাত সহায়ক হ'ব । অসমৰ দৰে ৰাজ্য এই বাজেটৰ দ্বাৰা উপকৃত হ'ব ৷

লগতে পঢ়ক:Budget 2023 : অমৃতৰ নামত দেশবাসীক বিষপান কৰোৱাৰ পৰিকল্পনা: প্ৰদেশ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details