গুৱাহাটী, 20 মে’: কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ তথ্য উদ্যমিতা দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আমিনগাঁওস্থিত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ (Technology Incubation Centre) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । লগতে অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২(Assam Biotech Conclave 2022) মুকলি কৰে ।
উক্ত অনুষ্ঠানতে তিনিগৰাকী যুৱ উদ্ভাৱকক যুৱ উদ্ভাৱনী উদ্যোগী বঁটা প্ৰদান কৰাৰ উপৰি ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান কৰা হয় । ২০২০ বৰ্ষৰ এই বঁটা লাভ কৰিছে ক্ৰমে ড৹ জয়ন্তী চুতীয়া (জীৱনজোৰা সাফল্য বঁটা), ড৹ হেমেন কুমাৰ কলিতা (যুৱ বিজ্ঞানী বঁটা), ইনষ্টিটিউট অৱ এডভানচ্ চায়েন্স এণ্ড টেকন’ল’জি (প্ৰতিষ্ঠানিক বঁটা)য়ে ।
আনহাতে ২০২১ বৰ্ষৰ অসম ৰাজ্যিক বিজ্ঞান বঁটা লাভ কৰে ক্ৰমে অধ্যাপক স্বৰ্গীয় ধীৰাজ বৰা (জীৱনজোৰা সাফল্যৰ বঁটা) আৰু ড৹ ৰূপম গোস্বামী (যুৱ বিজ্ঞানী বঁটা)য়ে । এই অনুষ্ঠানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে আৰু মুখ্যমন্ত্ৰীয়ে “ষ্টাৰ্ট আপ যাত্ৰা অসম”ৰ ফ্লেগ অফ্ কৰাৰ উপৰি “শ্যামলীমা কামৰূপ” শীৰ্ষক কামৰূপ জিলাৰ এক বৃহৎ বৃক্ষৰোপন কাৰ্য্যসূচীৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।
উল্লেখ্য যে, উক্ত প্ৰকল্পৰ জৰিয়তে কামৰূপ জিলাত ৩০ লাখ গছপুলি ৰোপণৰ পদক্ষেপ লোৱা হ’ব । অনুষ্ঠানতে ৭ টা প্ৰতিষ্ঠানৰ সৈতে ষ্টাৰ্ট আপৰ এক উপযুক্ত পাৰিপাৰ্শ্বিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বুজাবুজিৰ চুক্তিৰো হস্তান্তৰ কৰা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় শিক্ষা, দক্ষতা উন্নয়ন তথা উদ্যমিতা দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজিৰ দিনটোক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্ব পূৰ্ণ দিন বুলি অভিহিত কৰে ।