নিউজ ডেস্ক, 26 মাৰ্চ : বহিঃৰাজ্যত পুনৰ শোকাৱহভাৱে মৃত্যুক আকোঁৱালি ল’লে অসমৰ এজন যুৱকে ৷ ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত ডবাৰ শৌচাগাৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যু ঘটে বহিঃৰাজ্যত কৰ্মৰত অসমৰ এজন যুৱকৰ ৷ যুৱকজন কৰ্ণাটকৰ শিমোগাত অৱস্থিত ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল বুলি জানিবলৈ পৰা গৈছে । যুৱকজনৰ নাম অশোক চৌধুৰী বুলি ৰেল বিভাগৰ সূত্ৰত প্ৰকাশ ৷ শনিবাৰৰ দিনটোত যুৱকজনৰ মৃত্যু ঘটে বুলি জানিবলৈ পৰা গৈছে (Assam youth died by heart attack at Karnataka)।
কৰ্মসূত্ৰে কৰ্ণাটকৰ বাসিন্দা হোৱা অশোক চৌধাৰী জন্মসূত্ৰে অসমৰ । অসমলৈ যোৱা তেওঁৰ পত্নী আৰু সন্তান অসমৰ পৰা বাংগালুৰুলৈ আহি আছিল আৰু তেওঁলোকক আনিবলৈ শনিবাৰে পুৱা শিমোগা-য়েশ্বৱন্তপুৰা ইন্টাৰচিটি ৰে’লৰ এচি ডবাত বাংগালুৰুলৈ গৈ আছিল বুলি পৰিয়ালৰ সূত্ৰে জানিবলৈ পোৱা গৈছে । ট্ৰেইনখনৰ শৌচালয়লৈ গৈ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শৌচালয়তে ঢলি পৰে বেংক কৰ্মচাৰী অশোক চৌধুৰী (Assam based bank manager died of a heart attack in railway toilet)।
শনিবাৰৰ পুৱা য়েছাৱন্তপুৰৰ পৰা অহা ৰেলখনে বিয়লি শিমোগা পায় । উক্ত সময়ছোৱাত ৰেলৰ কৰ্মচাৰীসকলে শৌচাগাৰ চাফা কৰিবলৈ যোৱাৰ সময়ত অশোক চৌধুৰী উঠা শীত-তাপ নিয়ন্ত্ৰিত ডবাৰ শৌচাগাৰটো ভিতৰৰ পৰা বন্ধ হৈ আছিল । কৰ্মচাৰীসকলে ঘটনা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি কৰ্মচাৰীসকলে বিষয়টো সন্দৰ্ভত ৰেল আৰক্ষীক অৱগত কৰে । পিছত শৌচালয়ৰ দুৱাৰ ভাঙি অশোক চৌধুৰীক মৃত অৱস্থাত শৌচাগাৰৰ পৰা উদ্ধাৰ কৰা হয় । মৃতদেহটো ৰেলৱে আৰক্ষীয়ে শিৱমোগ্গাৰ মেগন হাস্পতালৰ মৰ্গলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে বুলি জানিবলৈ পৰা গৈছে ।