অসম

assam

ETV Bharat / state

দেশব্যাপী বেংক ধৰ্মঘটঃ অসমতো বেংক কৰ্মচাৰীৰ প্ৰতিবাদ - বিমুদ্ৰাকৰণৰ ফলত সৰু উদ্যোগ সমূহ বন্ধ হৈ পৰাত বৰ্তমান সময়ত বেংকত পৰ্যাপ্ত ধন থকাৰ পিছতো ঋণ ল'বলৈ গ্ৰাহকৰ অভাৱ হৈছে

কেইবাটাও দাবীত 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি 9 টাকৈ বেংক কৰ্মচাৰী সংগঠনে ৰূপায়ন কৰিছে দুদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী ৷ সমগ্ৰ দেশৰ লগতে অসমতো বেংক কৰ্মচাৰী সকলে এই ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই কৰ্মৰ পৰা বিৰত থাকে ৷

Assam bank workers protest at Guwahati
দেশজুৰি দুদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচীলৈ সহাৰি জনাই অসমতো বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Jan 31, 2020, 7:30 PM IST

গুৱাহাটী,31 জানুৱাৰী: সপ্তাহত পাঁচ দিন কাম কৰা, দৰমহা বৃদ্ধি, বেংক সমূহত খালী হৈ থকা পদ সমূহত নিযুক্তিকে ধৰি কেইবাটাও দাবীত 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি 9 টাকৈ বেংক কৰ্মচাৰী সংগঠনে ৰূপায়ন কৰিছে দুদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী ৷ সমগ্ৰ দেশৰ লগতে অসমতো বেংক কৰ্মচাৰী সকলে এই ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই কৰ্মৰ পৰা বিৰত থাকে ৷ শুকুৰবাৰে গুৱাহাটীত বিভিন্ন বেংক সমূহত কৰ্মচাৰী সকলে তলা ওলমাই বেংকৰ বাহিৰত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

প্ৰতিবাদস্থলীৰ পৰা বেংক কৰ্মচাৰী সকলে অভিযোগ উত্থাপন কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ভুল সিদ্ধান্ত আছিল ৷ বিমুদ্ৰাকৰণৰ কুফল ভোগ কৰিব লগীয়া হৈছে বেংক কৰ্মচাৰী সকলে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণৰ ফলত ক'লাধন ৰোধ হ'ব, ডিজিটেল পদ্ধতিৰ আৰম্ভণি হ'ব, সন্ত্ৰাসবাদৰ সমাপ্তি ঘটিব বুলি প্ৰচাৰ চলাইছিল যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু কোনো এটাই দেখিবলৈ পোৱা নগল বুলি মন্তব্য কৰে বেংক কৰ্মচাৰী সকলে ৷ লগতে বিমুদ্ৰাকৰণৰ ফলত সৰু উদ্যোগ সমূহ বন্ধ হৈ পৰাত বৰ্তমান সময়ত বেংকত পৰ্যাপ্ত ধন থকাৰ পিছতো ঋণ ল'বলৈ গ্ৰাহকৰ অভাৱ হৈছে বুলিও মন্তব্য কৰে প্ৰতিবাদী বেংক কৰ্মচাৰী সকলে ৷

দেশজুৰি দুদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচীলৈ সহাৰি জনাই অসমতো বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

উল্লেখ্য যে অতি শীঘ্ৰে প্ৰতিবাদকাৰী বেংক কৰ্মচাৰী সকলৰ দাবী সমূহ নিৰ্মূল নহলে বেংক কৰ্মচাৰী সকলে 11 মাৰ্চৰ পৰা পুনৰ তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে 1 এপ্ৰিলৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বেংক সমূহ বন্ধ ৰখাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: আমগুৰিত মে-ডাম-মে-ফী পালন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details