গুৱাহাটী, 24 মাৰ্চ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুকুৰবাৰে আয়োজন কৰা হয় অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান অনুষ্ঠান ৷ বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই স্বাস্থ্য, কলা আৰু সংস্কৃতি, ক্রীড়া, বিজ্ঞান, কৃষি, পর্যটন, উদ্যোগ আদি ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ২১ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰে । উল্লেখ্য যে, স্বাস্থ্য সেৱা (কৰ্কট চিকিৎসা) আৰু ৰাজহুৱা সেৱাৰ বাবে ডাঃ তপন কুমাৰ শইকীয়াক অসম বৈভৱ বঁটা প্ৰদান কৰা হয় । অসম চিকিৎসা মহাবিদ্যালয়ৰ এইগৰাকী প্ৰাক্তন ছাত্ৰই ১৯৮১ চনত টাটা মেম'ৰিয়েল হাস্পতালত নিজৰ কৰ্মজীৱনৰ সূচনা কৰিছিল । ইয়াৰ পিছত তেওঁ প্রিন্স আলী খান হাস্পতালত সেৱা আগবঢ়াই বৰ্তমান মুম্বাইৰ জছলক হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰত কৰ্মৰত হৈ আছে (Assam baibhav Sourav and Gaurav awards 2022 )।
2022 বৰ্ষৰ অসম গৌৰৱ বঁটা ৫ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে । কলা আৰু সংস্কৃতি (ভ্ৰাম্যমান থিয়েটাৰ)ৰ বাবে কৃষ্ণ ৰয়, ক্রীড়া (ফুটবল) ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে গিলবাৰ্টছন চাংমা, ক্রীড়া (ল’ন বল) ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে নয়ন মণি শইকীয়া, বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ড° বিনয় কুমাৰ শইকীয়া, স্বাস্থ্য সেৱা আৰু জনসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ডাঃ শশীধৰ ফুকনলৈ অসম সৌৰভ বঁটা আগবঢ়োৱা হয় (Prize distribution at Sankaradeva Kalakshetra) ।
ইপিনে বিভিন্ন ক্ষেত্ৰত অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে ১৫ গৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয় । জনসেৱাৰ বাবে ধৃতিমালা ডেকা, কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দেৱজিৎ বৰ্মন, পর্যটন ক্ষেত্ৰৰ বাবে ৰুস্তম বসুমতাৰী আৰু মানজে লা, পৰিৱেশ আৰু বন ক্ষেত্ৰৰ বাবে বিনন্দ হাতীবৰুৱা, সমাজসেৱাৰ বাবে গ্রুপ কেপ্টেইন অতুল চন্দ্ৰ বৰুৱা, উদ্যোগ ক্ষেত্ৰৰ বাবে কল্যাণী ৰাজবংশী, ৰাজহুৱা সেৱাৰ বাবে চিলা গোৱালা, কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ বাবে ড° যোগেশ দেউৰী, উদ্যোগ ক্ষেত্ৰৰ বাবে ডাঃ পঙ্কজ লাল গগৈ, প্রগতিশীল কৃষক হিচাপে সৰ্বেশ্বৰ বসুমতাৰী, কৃষি আৰু আনুসাংগিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে মানথাং মাৰ আৰু ড° ধ্ৰুৱ জ্যোতি শৰ্মা, মুখা নিৰ্মাণ আৰু মুখাভিনয়ৰ বাবে দয়াল গোস্বামী আৰু চিকিৎসা ক্ষেত্ৰৰ বাবে ডাঃ ছৈয়দ ইফটিকাৰ আহমেদক অসম গৌৰৱ বঁটা আগবঢ়োৱা হয় (Governor Gulab Chand Kataria)।