অসম

assam

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ : ব্যক্তিগত 400 মিটাৰত অংশ নলয় হিমাই

By

Published : Sep 10, 2019, 6:37 PM IST

Updated : Sep 10, 2019, 11:55 PM IST

27 চেপ্টেম্বৰৰ পৰা 6 অক্টোবৰলৈ ডহাৰ খালিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া IAAF বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ব্যক্তিগত 400 মিটাৰ শাখাত অংশ নলয় হিমা দাসে ৷

বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপঃ ব্যক্তিগত 400 মিটাৰ শাখাত অংশ নলয় হিমাই

স্পৰ্টছ ডেস্ক, 10 চেপ্টেম্বৰ : অসমবাসীৰ বাবে এক দুঃখবৰ ৷ 27 চেপ্টেম্বৰৰ পৰা ডহাত অনুষ্ঠিত হ’বলগীয়া IAAF বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ব্যক্তিগত 400 মিটাৰ শাখাত অংশ নলয় হিমা দাসে ৷ মঙলবাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে অসম এথেলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে ৷

বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপঃ ব্যক্তিগত 400 মিটাৰ শাখাত অংশ নলয় হিমাই

অৱশ্যে অসম তথা ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে এক সুখবৰ যে, দুটাকৈ ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াব হিমা দাসে ৷ 400 মিটাৰ ৰিলে ৰেছ আৰু 400 মিটাৰ মিক্সড ডাব্লছ ৰিলেত অংশ ল’ব হিমাই ৷ প্ৰশিক্ষকৰ পৰামৰ্শ মতেই ব্যক্তিগত 400 মিটৰ শাখাত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই কথা উল্লেখ কৰে অসম এথেলেটিকছ সন্থাৰ সভাপতিগৰাকীয়ে ৷ তেখেতে লগতে কয়, 3 টাকৈ ইভেণ্টত অংশ ল’লে আঘাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক ৷

উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হ’ব হিমা দাস ৷ হিমা দাসৰ সকলো সিদ্ধান্ত প্ৰশিক্ষকে গ্ৰহণ কৰি আহিছে ৷ গতিকে ভৱিষ্যতৰ বাবে হিমাৰ দাসক কেনেকৈ আগবঢ়াই লৈ যাব সেয়া প্ৰশিক্ষকে নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰে অসম এথেলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে ৷

Last Updated : Sep 10, 2019, 11:55 PM IST

ABOUT THE AUTHOR

...view details