নিউজ ডেস্ক, 3 আগষ্ট : চলিত টকিঅ' অলিম্পিক (Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই (Lovlina Borgohain)ৰ ছেমি ফাইনেল চাবলৈ বুধবাৰে 30 মিনিটৰ বাবে স্থগিত ৰখা হ’ব অসম বিধানসভা (Assam Assembly)ৰ সদনৰ কাৰ্যক্ৰমণিকা ৷
মহিলা বক্সিঙৰ 69 কেজিৰ ছেমি ফাইনেলত তুৰ্কীৰ ৱৰ্ল্ড চেম্পিয়ন বুচেনাজ চুৰমেনেলী (Busenaz Surmeneli)ৰ সৈতে মুখামুখি হ’ব অসম কন্য়া লাভলীনা ৷ কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক পৰাস্ত কৰি লাভলীনাই ইতিমধ্যে ভাৰতক আন এটা অলিম্পিক পদকৰ আশ্বাস প্ৰদান কৰিছে ৷
লগতে পঢ়ক :লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ