গুৱাহাটী,১০ মাৰ্চ :অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই কুকুৰৰ প্ৰসংগই বিশেষ স্থান লাভ কৰে (Dog meat controversy in Assam)। ৰাজ্যপালৰ ভাষণৰ মাজতে কুকুৰৰ প্ৰসংগকলৈ বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে । উল্লেখ্য যে শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় অসম বিধান সভাৰ বাজেট অধিৱেশন । ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্য্যসূচী ।
ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই দিয়া ভাষণত অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজে বিশেষভাৱে স্থান লাভ কৰে । মন কৰিবলগীয়া যে ৰাজ্যপালৰ ভাষণৰ মাজতে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই কুকুৰ মাংস বিতৰ্ক বিষয়টো উত্থাপন কৰে । তেওঁ ৰাজ্যপালৰ ভাষণত এই বিষয়টো উল্লেখ নকৰা বুলি অভিযোগ তোলে । ইয়াক সমৰ্থন জনায় কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ।
ইয়াকে লৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Assembly tense over dog meat issue)। বিৰোধীৰ উত্তাল প্ৰতিবাদত ৰাজ্যপালে ১৭ মিনিটতে ভাষণ সামৰিবলগীয়া হয় । ইয়াৰ প্ৰতিবাদ জনায় বিৰোধীয়ে সদন আধাতে ত্যাগ কৰে । উল্লেখ্য যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুয়ে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মহাৰাষ্ট্ৰৰ বিধানসভাত মন্তব্য কৰিছিল ।
গুৱাহাটীত ৰাজআতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল 'অসমৰ মানুহে কুকুৰৰ মাংস খায় । মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক । অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ।' কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে (Maharashtra MLA statement on Dog meat)। নৱ-নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই অসম বিধান সভাত প্রথমবাৰৰ বাবে ভাষণ দিয়ে ।