অসম

assam

By

Published : Aug 5, 2021, 2:06 PM IST

ETV Bharat / state

কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

বৃহস্পতিবাৰে উত্তাল অসম বিধানসভা (Assam Assembly)ৰ সদন । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে বিধায়কসকলক উগ্ৰপন্থীৰ সৈতে তুলনা কৰি কোৱা কথাষাৰৰ পাচতে জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল । যাৰ ফলস্বৰূপে আধা ঘণ্টাৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষই ৷

assam-assembly-speaker-termed-the-mlas-as-militants
উত্তাল অসম বিধানসভা

গুৱাহাটী, ৫ আগষ্ট : ‘উগ্ৰপন্থী’ শব্দ ব্যৱহাৰক লৈ বৃহস্পতিবাৰে উত্তাল হৈ পৰে অসম বিধানসভা (Assam Assembly)ৰ সদন । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে বিধানসভাত কৰা এক মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল ।

পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে অধ্যক্ষই আধা ঘণ্টাৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । অধ্যক্ষগৰাকীয়ে সদনত কৰা মন্তব্য অনুসৰি, ‘‘মই কেতিয়াবা ভাবো আমাৰ বিধায়কসকলৰ ব্যৱহাৰ উগ্ৰপন্থীতকৈও বেয়া’’ । অধ্যক্ষ দৈমাৰীৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল ।

উত্তাল অসম বিধানসভা

লগতে পঢ়ক :শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ইয়াৰ ফলস্বৰূপে সদনত সৃষ্টি হয় এক চৰম হুলস্থুলীয়া পৰিস্থিতিৰ । কোনেও কাৰো মাত নুশুনা এক পৰিস্থিতিৰ সৃষ্টি হয় সদনত । বিধায়কক উগ্ৰপন্থীৰ সৈতে তুলনা কৰাত ক্ষুব্ধ হৈ পৰে বিৰোধী পক্ষৰ বিধায়কসকল । পৰিস্থিতি বেয়ালৈ গতি কৰাত অধ্যক্ষই আধা ঘন্টাৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । আনহাতে, বিধানসভাৰ কাৰ্য বিৱৰণীৰ পৰাও তেওঁ কোৱা ‘উগ্ৰপন্থী’ শব্দটো প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে ।

লগতে পঢ়ক :কি কি সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?

ABOUT THE AUTHOR

...view details