গুৱাহাটী,১৭ জুলাই: সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাজু কৰা হৈছে অসম বিধানসভাৰ সভাকক্ষ (Assam assembly hall ready for presidential election)। ইতিমধ্যে শাসকীয় দল বিজেপিৰ লগতে মিত্রদল অগপ আৰু ইউ পি পি এলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক ভোটদানৰ বাবে সাজু হৈছে (NDA presidential candidate Draupadi Murmu)। সেইদৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিয়াৰ বাবে সাজু হৈছে বিৰোধী দলসমূহ (Oppositions candidate Yashwant Sinha)। অসমক প্ৰতিনিধিত্ব কৰা ১২৬ গৰাকী বিধায়কৰ উপৰি লোকসভাৰ ১৪গৰাকী আৰু ৰাজ্যসভাৰ ৭গৰাকী সাংসদকে ধৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৭ গৰাকী ।
ইতিমধ্যে সকলো দলৰ বিধায়ক আৰু সাংসদসকল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাজু হৈছে । শাসকীয় দল বিজেপিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প'লিং এজেণ্ট হিচাপে নিয়োগ কৰিছে মন্ত্রী পীযুষ হাজৰিকা, বিধায়ক ভূৱন পেগু আৰু সুশান্ত বৰগোহাঁইক । ইফালে, বিজেপিৰ মিত্রদল অগপ আৰু ইউ পি পি এলৰ নাথাকে কোনো প'লিং এজেণ্ট । আনহাতে, নিৰ্বাচনত কংগ্ৰেছৰ প'লিং এজেণ্ট হিচাপে থাকিব দলৰ জ্য়েষ্ঠ নেতা ৰকিবুল হুছেইন আৰু দিগন্ত বৰ্মন । সেইদৰে এ আই ইউ ডি এফে প'লিং এজেণ্ট হিচাপে নিয়োগ কৰিছে আমিনুল ইছলাম আৰু মজিবুৰ ৰহমানক।
ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিৰোধীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে যদিও বিৰোধী শিবিৰতো খাম-খেয়ালিৰ সৃষ্টি হৈছে । অসমত শেহতীয়াকৈ হৈ যোৱা ৰাজ্যসভা নিৰ্বাচনৰ পৰাই বিৰোধী দলৰ মাজত বোকা ছটিওৱা ৰাজনীতিয়ে শাসকীয় দলক উপকৃত কৰি আহিছে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ'ব ৷ এতিয়া ইয়াকে লৈ বিৰোধী শিবিৰত অব্য়াহত আছে শংকা আৰু সন্দেহ । বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ভংগ হোৱাৰ পিছতেই কঁকাল বেকা হৈছে কংগ্ৰেছৰ ৷ ইপিনে, বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে সময়ে সময়ে বিৰোধীৰ ভূমিকা এৰি শাসকীয় দলৰ পক্ষ লোৱা ঘটনাই ৰাজনৈতিক সন্দেহ দুগুণে বৃদ্ধি কৰিছে ৷