অসম

assam

ETV Bharat / state

হুলস্থুলীয়া পৰিবেশেৰে আৰম্ভ বিধানসভাৰ বাজেট অধিবেশনঃ বিৰোধীৰ সদন ত্যাগ - অসম বিধানসভা

অধ্যক্ষৰ বাৰম্বাৰ অনুৰোধ স্বত্বেও ক্ষান্ত নহয় বিৰোধী । অধ্যক্ষই বিষয়টো আলোচনা কৰিব নিদিয়াত অৱশেষত ক্ষুব্ধ হৈ বিৰোধীয়ে সদন ত্যাগ কৰে ।

ASSAM ASSEMBLY BUDGET SESSION
হুলস্থুলীয়া পৰিবেশেৰে আৰম্ভ বিধানসভাৰ বাজেট অধিবেশন

By

Published : Mar 2, 2020, 1:48 PM IST

গুৱাহাটী, ২ মাৰ্চঃ আজিৰে পৰা প্ৰায় মাহজোৰা কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন । ৩০ মাৰ্চত অন্ত পৰিবলগীয়া এই অধিবেশনৰ আজি প্ৰথম দিনাই সদনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফে অখিল গগৈকে ধৰি "কা" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলোৰে মুক্তিৰ দাবী তুলি অধ্যক্ষৰ আসনৰ ওচৰলৈ আগবাঢ়ি আহে । ফলত সদনত সৃষ্টি হয় এক তীব্ৰ হুলস্থুলীয়া পৰিস্থিতি ।

হুলস্থুলীয়া পৰিবেশেৰে আৰম্ভ বিধানসভাৰ বাজেট অধিবেশন

অধ্যক্ষৰ বাৰম্বাৰ অনুৰোধ স্বত্বেও ক্ষান্ত নহয় বিৰোধী । অধ্যক্ষই বিষয়টো আলোচনা কৰিব নিদিয়াত অৱশেষত ক্ষুব্ধ হৈ বিৰোধীয়ে সদন ত্যাগ কৰে । আনহাতে কংগ্ৰেছ বিধায়ক‌ শ্বেৰমান আলিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ প্ৰসংগ উত্থাপন কৰাত অধ্যক্ষই বাধা দিয়ে । কিন্তু অধ্যক্ষৰ বাৰম্বাৰ অনুৰোধ স্বত্বেও তেওঁ ক্ষান্ত নোহোৱাত অৱশেষত মাৰ্চালৰ জড়িয়তে সদনৰ পৰা উলিয়াই পঠিওৱা হয় বিধায়ক গৰাকীক ।

হুলস্থুলীয়া পৰিবেশেৰে আৰম্ভ বিধানসভাৰ বাজেট অধিবেশন

উল্লেখ্য যে, ৪ মাৰ্চত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত ২০২০-২১ বৰ্ষৰ বাজেট দাখিল কৰাৰ কথা আছিল যদিও এতিয়া ৬ মাৰ্চতহে দাখিল কৰিব বাজেট ।

ABOUT THE AUTHOR

...view details