গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : ‘‘তথ্যচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই বিকৃত ৰূপত উপস্থাপন কৰিছে শিল্পী নীলপৱন বৰুৱাক ৷’’ শিল্পী নীলপৱন বৰুৱা বিষয়ত নিৰ্মাণ কৰা তথ্যচিত্ৰ ব্ৰাছ ষ্ট্ৰ'কৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে (Brush Stroke by Parthajit Baruah) ৷ তথ্যচিত্ৰখনত নীলপৱন বৰুৱাৰ ব্যক্তিগত জীৱনৰ একাংশ দৃশ্য ৰুচিহীনতাৰে উপস্থাপন কৰাৰ অভিযোগ চিত্ৰশিল্পী সমাজৰ ৷
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত চিত্ৰশিল্পী সমাজে সংবাদমেল সম্বোধন কৰি তথ্যচিত্ৰখনক লৈ সৰৱ হৈ পৰে ৷ অতিশীঘ্ৰে তথ্যচিত্ৰখনৰ প্ৰদৰ্শনী বন্ধ কৰিবলৈও দাবী জনাইছে চিত্ৰশিল্পী সমাজে ৷ সংবাদমেলত চিত্ৰশিল্পী চম্পক বৰবৰাই কয়, ‘‘অসমৰ সাংস্কৃতিক ঐতিহ্যলৈ নীলপৱন বৰুৱাৰ অৱদান অনবদ্য । এনে ক্ষেত্ৰত এগৰাকী মহান শিল্পীক অসন্মানৰূপত উপস্থাপন কৰাৰ সাহস ক’ত পালে পাৰ্থজিৎ বৰুৱাই ? নীলপৱন বৰুৱাক নিশা দৰ্জা খোলাৰ এক দৃশ্যত অৰ্ধনগ্ন কৰি দেখুৱা হৈছে ৷ তদুপৰি নীলপৱন বৰুৱাৰ ডিমেনিছিয়াৰ দৰে গভীৰ সমস্যাক অসংবেদনশীলতাৰে দেখুওৱা হৈছে তথ্যচিত্ৰখনত ৷’’
তথ্যচিত্ৰখনৰ জৰিয়তে চিত্ৰ নির্মাতাই বেচেৰা শিল্পীৰে উপস্থাপন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি চম্পক বৰবৰাই (Artist Champak Borbora) কয়, ‘‘তথ্যচিত্ৰখনৰ দ্বাৰা কেৱল নীলপৱন বৰুৱাকে নহয়, সকলো বৃদ্ধ ব্যক্তিৰ জীৱনক হেয় প্ৰতিপন্ন কৰি উপস্থাপন কৰা হৈছে ৷ এই তথ্যচিত্ৰখন নীলপৱন বৰুৱা আৰু বৃদ্ধাৱস্থাৰ এক অতি অসংবেদনশীল, অপমানজনক, পৰ-পীড়াত আহ্লাদিত মানসিকতাৰে কৰা ৰূপায়ণ ।’’
আনহাতে, সংবাদমেলত নিখিলেশ্বৰ বৰুৱাই (Artist Nikhileswar Baruah) কয়, ‘‘তথ্যচিত্ৰখন নিৰ্মাণ কৰিবলৈ নিৰ্মাতাই নীলপৱন বৰুৱাৰ (Neel Pawan Baruah) পৰিয়ালৰ অনুমতি লৈছিলনে ? তেওঁ তথ্যচিত্ৰখন ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰাৰ আগত তেওঁলোকক দেখুৱাইছিল নে ? নে নিৰ্মাতাজনে নিজকে এই সকলো নৈতিক দায়িত্বৰ ঊৰ্ধত বুলি ভাবে ?’’