অসম

assam

গুৱাহাটীত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

By

Published : Nov 23, 2021, 6:43 PM IST

অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ উজানবজাৰস্থিত সমাজ কল্যাণ বিভাগ(Social Welfare department)ৰ কাৰ্যালয় । আই চি ডি এছ (I C D S) আঁচনিৰ অধীনত কৰ্মৰত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা(All Assam Anganwadi Workers Union)ই ।

Assam Anganwadi Union protest at social welfare office at Guwahati
অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, ২৩ নৱেম্বৰ: ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাAnganwadi Workers and helpers)সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙলবাৰে প্ৰতিবাদী(Protest) কাৰ্যসূচী গ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা(All Assam Anganwadi Workers Union)ই । সংগঠনটোৰ পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি, আই চি ডি এছ (I C D S) আঁচনিৰ অধীনত কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল বিভিন্ন স্থানৰ পৰা আহি মঙলবাৰে গুৱাহাটীৰ উজানবজাৰত থকা সমাজ কল্যাণ বিভাগ(Social Welfare Department)ৰ কাৰ্যালয়ৰ সম্মুখত মিলিত হয় আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা তিনি শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, আৰু ফেষ্টুন লৈ বিভিন্ন শ্ল'গানেৰে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে কয় যে, অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দীৰ্ঘদিন ধৰি মাননিৰ সলনি মজুৰি বিচাৰি চৰকাৰৰ ওচৰত দাবী জনায় আহিছে । কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই । আনহাতে, অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে কয় যে, ৬০ বছৰ বয়স অতিক্ৰম কৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাক পেঞ্চন(Pension) দিয়াৰ বাবে সংগঠনটোৱে দাবী জনাই আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । সেয়ে, আজি তেওঁলোকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় ।

প্ৰতিবাদৰ অন্তত অংগনবাড়ী কৰ্মী আৰু সহায়িকাক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক বিভাগৰ নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আৰু অৱসৰৰ সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক পেঞ্চন প্ৰদান কৰা আদি দাবী সম্বলিত এখন স্মাৰকপত্ৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তৰফৰ পৰা সমাজ কল্যাণ বিভাগৰ সঞ্চালকক প্ৰদান কৰা হয় ।

লগতে পঢ়ক:CPI Protest In Sivsagar : মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত চিপিআইৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details