গুৱাহাটী, ২৯ আগষ্ট :ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এখনৰ পাছত আনখনকৈ জিলা বানৰ কৱলত পৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (Assam State Disaster Management Authority) তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত অসমৰ ১৫ খন জিলাৰ মুঠ ২,২৫,৫০১ গৰাকী লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । প্ৰৱল বৰষুণৰ বাবে বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলা ভয়ংকৰ বানৰ কৱলত পৰিছে ।
এখনৰ পাছত আনখন গাঁও প্লাৱিত হৈছে । বানৰ কৱলত পৰা ৰাইজক উদ্ধাৰ কৰাৰ বাবে স্থানীয় প্ৰশাসনৰ লগতে এন ডি আৰ এফ (NDRF) আৰু এছ ডি আৰ এফৰ (SDRF) লোক নিয়োজিত হৈ আছে । লাখ লাখ লোক বানত প্ৰভাৱিত হোৱাৰ উপৰি পশুধনৰো ব্যাপক ক্ষতিসাধন হৈছে । তথ্য মতে এতিয়ালৈকে বানত সৰু-বৰ ১,৩৩,৯০৭ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে ।
এতিয়ালৈ বহু সংখ্যক লোকৰ উপৰিও পশুধনক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰিছে নিয়োজিত হৈ থকা উদ্ধাৰকাৰী দলে । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা বাঢ়নী পানীৰ ফলত ৰাজ্যখনৰ ১৫ খন জিলাৰ ৩৪ টা ৰাজহ চক্ৰৰ সৰ্বমুঠ ৫১২ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।