৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত বিশেষ সমিতিৰ প্ৰথমখন বৈঠক
শুকুৰবাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত সমিতিৰ গুৱাহাটীত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে ভাৰত চৰকাৰৰ উত্তৰ পূৱৰ দায়িত্বত থকা যুটীয়া সচিব চৈত্যন্দ্ৰ গাৰ্গৰ লগতে অসম চৰকাৰৰ মহাঅধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই, সমিতিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মা, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তথা অন্যন্য সদস্য সকল ৷
৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত বিশেষ সমিতিৰ গুৱাহাটীত প্ৰথমখন বৈঠক
গুৱাহাটী,2আগষ্টঃ
- খানাপাৰ প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত শুকুৰবাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়
- বৈঠকত উপস্থিত থাকে ভাৰত চৰকাৰৰ উত্তৰ পূৱৰ দায়িত্বত থকা যুটীয়া সচিব চৈত্যন্দ্ৰ গাৰ্গৰ লগতে অসম চৰকাৰৰ মহাঅধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই, সমিতিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মা, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তথা অন্যন্য সদস্য সকল
- প্ৰায় ৩ ঘন্টা সময়ধৰি চলে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰণৰ বাবে অনুষ্ঠিত বৈঠকখন
- আলোচনাৰ সময়ছোৱাত ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ ৰোড মেপ গঠন
- পৰৱৰ্তী বৈথক ১৭ আগষ্টত অনুষ্ঠিত হ'ব
- পৰৱৰ্তী বৈঠকত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী, অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজৰ লগত আলোচনা কৰি আগবাঢ়ি যাব বুলি জনায় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই