অসম

assam

ETV Bharat / state

অসম চুক্তিৰ ধাৰাসমূহ ৰূপায়ণৰ বাবে গঠিত উপ-সমিতিৰ প্ৰথমখন বৈঠক - অসম চুক্তি ৰূপায়ণ বিভাগ

অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় । অসম চুক্তিৰ ধাৰাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ফ্ৰেমৱৰ্কৰ পৰীক্ষা আৰু প্ৰস্তুতকৰণৰ বাবে নৱগঠিত উপ-সমিতিৰ এইখন প্ৰথমখন বৈঠকত আছিল ৷

assam accord implement committee meeting
অসম চুক্তিৰ ধাৰাসমূহ ৰূপায়ণৰ বাবে গঠিত উপ-সমিতিৰ প্ৰথমখন বৈঠক

By

Published : Oct 28, 2021, 10:50 PM IST

গুৱাহাটী,২৮ অক্টোবৰ :গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় । অসম চুক্তিৰ ধাৰাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ফ্ৰেমৱৰ্কৰ পৰীক্ষা আৰু প্ৰস্তুতকৰণৰ বাবে নৱগঠিত উপ-সমিতিৰ এইখন প্ৰথমখন বৈঠকত আছিল ৷

অসম চুক্তিৰ ধাৰাসমূহ ৰূপায়ণৰ বাবে গঠিত উপ-সমিতিৰ প্ৰথমখন বৈঠক

বৈঠকত অসম চুক্তিৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, বানপানী আৰু গৰাখহনীয়া সমস্যা, অসম আন্দোলনৰ শ্বহীদ পৰিয়াল তথা ভুক্তভোগীৰ পুনৰসংস্থাপনৰ লগতে ৰাজ্যখনৰ বৰ্তমানৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰা হয় । বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী তথা উপ-সমিতিখনৰ অধ্যক্ষ অতুল বৰা, সদস্য তথা মন্ত্রী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি আছুৰ লগতে সমিতিখনৰ বিষয়ববীয়া উপস্থিত আছিল ।

অসম চুক্তিৰ ধাৰাসমূহ ৰূপায়ণৰ বাবে গঠিত উপ-সমিতিৰ প্ৰথমখন বৈঠক

উল্লেখ্য যে, বৈঠকৰ অন্তত মন্ত্রী অতুল বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি সমিতিখনৰ কামৰ অগ্ৰগতি সম্পৰ্কে উল্লেখ কৰে ।

লগতে পঢ়ক:পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details