গুৱাহাটী, ২২ আগষ্ট :তালিবানৰ আতংকই সমগ্ৰ বিশ্বকে কম বেছি প্ৰভাৱিত কৰাৰ মাজতে কেৰালাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা এজন আফগান নাগৰিকৰ পৰা উদ্ধাৰ হৈছে অসমৰ ঠিকনাৰে প্ৰস্তুত কৰা আধাৰ কাৰ্ড ৷ যি সময়ত তালিবানৰ সপক্ষে সামাজিক মাধ্যমত মন্তব্য কৰি ৰাজনৈতিক নেতা আৰু মৌলানাৰ পৰা আৰম্ভ কৰি ছাত্ৰলৈকে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে, তেনে সময়তে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰা এজন আফগান যুৱকৰ পৰা অসমৰ ঠিকনাৰে প্ৰস্তুত কৰা আধাৰ কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
আফগানৰ প্ৰতি অসমৰ একাংশ লোকৰ দৰদ উপজাক লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ তালিবানৰ সপক্ষে সামাজিক মাধ্যমত মন্তব্য কৰি শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন জিলাত অসম আৰক্ষীৰ হাতত 14 জনকৈ লোক গ্ৰেপ্তাৰ হৈছে ৷ এই ঘটনাই ৰাজ্যত তোলপাৰ লগোৱাৰ মাজতে বিজেপি নেতা মমিনুল আৱালেও অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন আৰু মগজু তালিবানী চিন্তাৰে সংপৃক্ত বুলি মন্তব্য কৰিছে ৷ এইসমূহ ঘটনাক্ৰমৰ মাজতে আফগানিস্তানৰ নাগৰিকৰ হাতত অসমৰ ঠিকনা থকা আধাৰ কাৰ্ড উদ্ধাৰ হোৱা ঘটনা স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, সম্প্ৰতি কেৰালা আৰক্ষীৰ জিম্মাত আছে আফগানিস্তানৰ এজন 22 বছৰীয়া নাগৰিক ৷ নাম আব্বাছ খান ওৰফে ঈদগুল । যি সময়ত তালিবানী শাসকৰ নৃশংসতাই আফগানিস্তানৰ নাগৰিকক আতংকিত কৰি তুলিছে, হাজাৰ হাজাৰ আফগান নাগৰিকে প্ৰাণৰ মায়াত দেশ এৰি পলায়ন কৰিছে । প্ৰাণটো কোনোমতে বচাবলৈ দিক-বিদিক হেৰুৱাই বিমানৰ চকাত ধৰি ওলমি দেশৰ পৰা পলায়নৰ চেষ্টা চলাওতে বিমানৰ পৰা সৰি পৰি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । তেনে সময়তে ভাৰতবৰ্ষৰ কেৰালা আৰক্ষীয়ে কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এইজন আফগান নাগৰিকক ।
কেৰালাৰ কোচিৰ এটা জাহাজ কেৰিয়াৰ কোম্পানীত ঠিকাদাৰৰ অধীনত বিগত দুবছৰৰ পৰা কাম কৰি আছিল আব্বাছ খানে । কিন্তু শেহতীয়াকৈ কেৰালা আৰক্ষীয়ে এক খবৰ লাভ কৰে যে, আব্বাছৰ সৈতে পাকিস্তানৰ এক বিশেষ যোগাযোগ আছে । লগে লগে আৰম্ভ হয় কোচি আৰক্ষীৰ অভিযান । কোচি আৰক্ষী যদি ডালে ডালে আব্বাছ পাতে পাতে । অভিযানৰ খবৰ পাই কৰ্মস্থলীৰ পৰা উধাও হয় আব্বাছ ওৰফে ঈদগুল । আৰক্ষীয়েও কিন্তু সমান্তৰালভাৱে অভিযান অব্যাহত ৰাখে ।