গুৱাহাটী, ১ জুনঃ গুৱাহাটীৰ পানবজাৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীৰ যৌথ অভিযানত আটক হ'ল বহিঃৰাজ্যৰ ১০ টাকৈ চোৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ডত জড়িত এই চোৰৰ দলটো ।
পানবজাৰ আৰক্ষীয়ে জখলাবন্ধা আৰক্ষীৰ সহযোগত নগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই দহটাকৈ বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে । ধৃত চোৰকেইটাৰ নাম ক্ৰমে- ফিৰোজ যাদৱ, বিনয় যাদৱ, শিৱা যাদৱ ,দিপেশ সিং, অভয় যাদৱ, আকাশ যাদৱ , দিপেশ দাস আৰু পশ্চিমবংগৰ আনিশ গোৱালা, ৰিতেশ গোৱালা, আটিফ গোৱালা । চোৰকেইটাক গ্ৰেপ্তাৰৰ পিছতেই মহানগৰ আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ ন-ন তথ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত চুৰিকাণ্ডৰ লগতে জড়িত আছে এই দলটো ।