অসম

assam

ETV Bharat / state

Shiksha Setu Portal: আজিৰে পৰা স্তব্ধ হৈছে শিক্ষাসেতুৰ কাম - Assam State Primary Teachers Association

প্ৰাথমিক বিদ্যালয়ত আজিৰে পৰা স্তব্ধ হৈছে শিক্ষাসেতুৰ কাম (Demand for appointment of Headmaster)। প্ৰতিবাদকাৰীসকলে প্ৰধান শিক্ষকৰ পদ নিদিয়া পৰ্যন্ত শিক্ষা সেতুত কাম নকৰে বুলি হংকাৰ প্ৰদান কৰিছে ।

Demand for appointment of Headmaster
প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবী

By

Published : May 22, 2023, 9:23 PM IST

গুৱাহাটী, ২২ মে':প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিক লৈ সন্মিলনীৰে সৈতে সংঘাত বৃদ্ধি পাইছে শিক্ষা বিভাগৰ । সোমবাৰে ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়লৈ শিক্ষাসেতু পৰিচালনাৰ বাবে প্ৰদান কৰা টেবলেটসমূহ নিজ নিজ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত জমা দিয়াৰ বাবে উপস্থিত হয় । ৰাজ্যখনৰ বিভিন্ন শিক্ষাখণ্ডত টেবলেটসমূহ গ্ৰহণ কৰে (Teachers demand for Headmaster post)। অৱশ্য়ে একাংশ শিক্ষা বিষয়াই সংৰক্ষণৰ অসুবিধা আৰু ওপৰমহলৰ আদেশ নোপোৱা বাবে গ্ৰহণ নকৰাৰ কথা লিখিতভাৱে জানিবলৈ দিয়ে (Shiksha Setu Portal in Assam)।

ইয়াৰ ফলত শিক্ষাসেতুৰ কাম নকৰাৰ সংকল্পক দৃতাৰে ঘোষণা কৰি ৰাইজৰ ধনেৰে বিভাগে দিয়া টেবলেটৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব খণ্ড সমূহে গ্ৰহণ কৰে (Teachers return Tablets) । ৰাজ্যখনৰ ১৪০ টা শিক্ষাখণ্ডত ৩৬ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে আজি এই কাৰ্যসূচী ৰূপায়ন কৰে । অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, সদৌ অসম টে'ট উৰ্ত্তীৰ্ণ শিক্ষক সমাজ আৰু ষ্টেটপুল শিক্ষক সংস্থাৰ সহযোগত দিনৰ এক বজাৰ পৰা এই কাৰ্যসূচী পালন কৰে ।

উল্লেখ যে, বিগত একৈশ দিনে শিক্ষাসেতুৰ কামত অসহযোগ কৰাৰ পিচতো ৰাজ্যৰ শিক্ষা বিভাগে মৌন হৈ আছে । সকলো শিক্ষাখণ্ডৰে প্ৰাথমিক শিক্ষকসকলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত শিক্ষাসেতুৰ প্ৰশিক্ষণত গ্ৰহণৰ পৰা বিৰত আছে ।

সম্প্ৰতি ৰাজ্যখনৰ এখনো বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাই (Assam State Primary Teachers Association)। ১৯৮২ চনৰ পৰা দুকুৰি বাৰ আলোচনাৰ পাচতো প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহ'ল । শিক্ষকৰ সংগ্ৰামৰ তীব্ৰতাৰ ফলত ২০২০ চনৰ ১৭ ডিচেম্বৰত এক পত্ৰ যোগে শিক্ষাবিভাগে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষক ৰূপে ঘোষণাৰ সিদ্ধান্ত প্ৰকাশ কৰিছিল ।

কিন্তু বিগত তিনি বছৰে কাৰ্যকৰী হোৱা নাই । শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্ত বিত্ত বিভাগে অনুমোদন নিদি ৰাজ্যখনৰ ভিন্ন বিভাগৰ মাজত সমন্বয়হীনতাৰ কথাই প্ৰকাশ কৰিছে । আনহাতে, নিজৰ তত্বাৱধানত বিত্ত বিভাগৰ অনুমোদন ল'ব বুলি প্ৰতিশ্ৰুতি দিয়া শিক্ষা মন্ত্ৰীয়ে পাঁচ মাহ উকলি যোৱাৰ পাছতো গ্ৰহণ কৰা মৌনতাত শিক্ষক সমাজ ক্ষুব্ধ হৈছে ।

এই প্ৰসংগত সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে, শিক্ষকসকলে নকৰিলেও একাংশ সমল কেন্দ্ৰ সমন্বয়কে নিজ কৰ্তব্যৰ বাহিৰত গৈ নিজ মোবাইলেৰে নিজৰ তত্বাৱধানত থকা বিদ্যালয়ৰ বিভিন্ন কাম শিক্ষাসেতুত কৰি দি বাহ বাহ ল’বলৈ যত্ন কৰিছে (ASPTA opposed Shiksha Setu Portal Upload)। তেনে একাংশ নিজক জহোৱা সমল কেন্দ্ৰ সমন্বয়কৰ বাবে যাতে সমন্বয়ক আৰু শিক্ষকৰ মাজৰ যোগাযোগ বিচ্চিন্ন হ'ব নোৱাৰে তাৰে সজাগ হ'বলৈ সকীয়াই দিয়ে । প্ৰয়োজনত হোৱাটচ আপ গ্ৰুপৰ পৰা সকলোৱে ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলিও শিক্ষকসকলে হুংকাৰ দিয়ে ।

লগতে পঢ়ক:HSLC exam results 2023 : ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱৰ

ABOUT THE AUTHOR

...view details