গুৱাহাটী, ৩ জুলাই :সমগ্ৰ ভাৰতৰ লগতে অসমতো সন্ত্ৰাস চলাই আহিছে মহামাৰী কৰ'ণা ভাইৰাছে । প্ৰতিদিনে অসমতো বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিলে অসমীয়া খবৰ বাতৰি কাকতৰ স্বতাধিকাৰী ৰন্টু দাস ।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি গুৱাহাটীৰ এপল' হাস্পতালত চিকিৎসাধীন হৈ আছিল ব্যক্তি গৰাকী । যকৃতৰ ৰোগত চিকিৎসাধীন হৈ আছিল স্বত্বাধিকাৰী গৰাকী । শেহতীয়া পৰীক্ষাত ব্যক্তিজনৰ কোভিড-১৯ নিগেটিভ আহিছিল । শুকুৰবাৰে পুৱা চিকিৎসালয়খনতে মৃত্যু বৰণ কৰে স্বত্বাধিকাৰী ৰন্টু দাসে ।