অসম

assam

ETV Bharat / state

অসম চুক্তিক লৈ চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ অসম সংগ্ৰামী মঞ্চৰ

কেন্দ্ৰীয় চৰকাৰে অসমক বিদেশী নাগৰিকৰ চৰণীয়া পথাৰ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ অসম সংগ্ৰামী মঞ্চৰ ৷ অসম চুক্তিক লৈ চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।

press meet Asom Sangrami Mancha
press meet Asom Sangrami Mancha

By

Published : Aug 11, 2020, 11:03 PM IST

গুৱাহাটী, ১১আগষ্ট : অসম চুক্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতিক লৈ ক্ষুব্ধ অসম সংগ্ৰামী মঞ্চ । অসম চুক্তিক লৈ চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । মংগলবাৰে সম্বোধন কৰা সংবাদমেলত প্ৰফুল্ল মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেও গৰজি উঠে অসম সংগ্ৰামী মঞ্চ । ৩৫বছৰে অসম চুক্তিক লৈ ৰাজনীতি কৰাৰ অভিযোগ কৰে ।

অসম চুক্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতিক লৈ ক্ষুব্ধ অসম সংগ্ৰামী মঞ্চ

কেন্দ্ৰীয় চৰকাৰে অসমক বিদেশী নাগৰিকৰ চৰণীয়া পথাৰ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰি ক্ষুব্ধ হৈ পৰে সংগঠনটোৰ নেতৃত্ব । লগতে ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে অসমীয়াৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় । শেহতীয়াকৈ বিদেশীৰ সমৰ্থনত বিজেপিয়ে প্ৰস্তুত কৰা 'ৰোড মেপ' কাৰ্যকৰী কৰাৰ বাবে সকলো স্তৰৰ পদক্ষেপ গ্ৰহণৰো অভিযোগ অসম সংগ্ৰামী মঞ্চৰ ।

অসম চুক্তিক লৈ চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ অসম সংগ্ৰামী মঞ্চৰ

প্ৰফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালক বিদেশী নাগৰিকৰ ৰক্ষক আখ্যা দিয়ে সংগঠনটোৱে । লগতে অসম চুক্তিক কাৰ্যকৰী নকৰাৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ ১৪ জন কেন্দ্ৰীয় মন্ত্ৰীক দোষাৰোপ কৰে । অসম চুক্তিৰ ৫.৮ আৰু ৬ নং দফাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈও দাবী জনায় । বিজেপি চৰকাৰে এন আৰ চি সম্পূৰ্ণ কৰাত ষড়যন্ত্ৰ মূলকভাৱে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক :তেজপুৰত অগ্নি সংযোগ কৰি আত্মহত্যা মহিলাৰ

ABOUT THE AUTHOR

...view details