গুৱাহাটী, ১২ মাৰ্চ: ৪৫ বছৰ গৰকিলে অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP observed 45th foundation day) ৷ দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (AJYCP 45th foundation day) আৰু ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ ১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা হৈছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৷
সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে (Central Committee President Palash Sangma) এই শুভক্ষণত কয় যে অসম আৰু অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন, পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন আদি মূল দাবীৰে প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Asom Jatiyatabadi Yuva Chatra Parishad) ৪৫ বষৰ্ৰ অতিক্ৰম কৰিলে । জন্মলগ্নৰে পৰা অসম আৰু অসমীয়া জাতিলৈ অহা প্ৰতিটো সংকট আৰু দুৰ্যোগৰ সময়ত প্ৰতিনিয়ত আপোচহীনভাৱে থিয় দি সংগ্ৰামখনক জাতীয় সংগ্ৰাম হিচাপে প্ৰতিষ্ঠা কৰাত অনবদ্য অৱদান আগবঢ়াই আহিছে এই সংগঠনটোৱে ৷ সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি সংগঠনটোৰ ন-পুৰণি সতীৰ্থসকলৰ বাবে এখন বিশেষ সন্মিলনী আয়োজন কৰা হৈছে ৷
প্ৰাক্তন সতীৰ্থ আৰু বৰ্তমানৰ সংগ্ৰামী সকলো উপস্থিত থকা এই অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি পলাশ চাংমায়ে, শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে, সতীৰ্থ স্মৰণ কৰে মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই । সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি এক বাৰেৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সদস্যসকলে ৷ এই শোভাযাত্ৰাৰ উদ্বোধন কৰে জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই । ইয়াৰ লগতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জনপ্ৰিয় কন্ঠশিল্পী বৰ্ণালী কলিতা, দিপলীনা ডেকা আৰু অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে ।