গুৱাহাটী, ২৬ নৱেম্বৰ:হঠাতে হোৱা ঘটনা নাছিল অসম মেঘালয়ৰ মাজৰ সংঘাত(Assam Meghalaya conflict) । মেঘালয়ৰ দুৰ্বৃত্তই দৈনিক অসমৰ বন বিষয়াসকলক আমনি কৰি আছিল । এই মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ(Asom Jatiya Parishad GS Jagadish Bhuyan) । শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ভূঞাই কয় যে, ২২ নৱেম্বৰত পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰ্কিডিং থানাৰ অন্তৰ্গত মুক্ৰ’ত মেঘালয়ৰ আক্ৰমণকাৰীৰ হাতত নিহত হোৱা অসমৰ বন সুৰক্ষা কৰ্মী বিদ্যাসিং লেকথেৰ বাসভৱনত ২৫ নৱেম্বৰত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দল উপস্থিত হৈছিল ৷ প্ৰতিনিধি দলটোৱে নিহত জোৱানগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।
জগদীশ ভূঞাই লগতে কয় যে, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৱে কেইটামান বিষয় অতি গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰে, যিকেইটা বিষয়ত জনমত গঠনৰ প্ৰয়োজনত ৰাইজক অৱগত কৰা প্ৰয়োজন ৷ তেওঁ কয় যে, ২২ নৱেম্বৰৰ ঘটনাটোত বন সুৰক্ষা কৰ্মী বিদ্যাছিং লেকথেক প্ৰথমে দাৰে আৰু পিছত গুলিয়াই মেঘালয়ৰ লোকে হত্যা কৰাৰ পিছত আক্ৰমণমুখী লোকসকলক বাধা দিবলৈ তথা আত্মৰক্ষাৰ বাবে অসম আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল(Assam-Meghalaya Border Firing) ৷ ঘটনাটো সংঘটিত হৈছিল অসমৰ মাটিত, সীমান্তৰ পৰা প্ৰায় ৪ কিলোমিটাৰ ভিতৰত ৷
কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰে কৰ্তব্য পালন কৰিবলৈ গৈ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হোৱা অসম আৰক্ষী আৰু বন বিভাগৰ লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ৷ ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্ৰীয়ে “ইমান গুলি চলাব নালাগিছিল” আৰু অসম আৰক্ষীৰ গুলীচালনা “অপ্ৰৰোচিত” আছিল বুলি মন্তব্য কৰে(Violence in Assam Meghalaya Border) । মুখ্যমন্ত্ৰীৰ বক্তব্যই আৰক্ষী আৰু বন বিভাগক নিৰুৎসাহিত কৰাই নহয়, বনদস্যুসকলৰ বনধ্বংস কাৰ্যৰ প্ৰতি ৰাজ্য চৰকাৰৰ সমৰ্থন থকাৰ কথা বুজাই দিলে ৷ এয়া দুৰ্ভাগ্যজনক বুলি ভূঞাই মন্তব্য কৰে ।
তেওঁ লগতে কয়- অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৰ আগত বন বিভাগৰ কৰ্মী, আৰক্ষীৰ লোক আৰু স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, সেইদিনা বন সুৰক্ষা কৰ্মী আৰু অসম আৰক্ষীৰ লোকে অসম-মেঘালয় সীমান্তৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ অসমৰ ভিতৰত অৱস্থিত মুক্ৰ’ গাঁৱত মেঘালয়ৰ পৰা অহা বনদস্যুৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে উক্ত ঘটনা সংঘটিত হৈছিল ৷ অসমৰ ভূমি আৰু বনজ সম্পদ সুৰক্ষিত কৰাৰ কামত নিয়োজিত আৰক্ষী আৰু বন বিভাগৰ লোকৰ ওচৰত প্ৰতিৰক্ষাৰ সামগ্ৰীতো বাদেই, নিজে স্বাস্থ্যসন্মতভাৱে জীয়াই থকাৰ ন্যূনতম সুবিধাখিনিৰো অভাৱ ৷