অসম

assam

By

Published : Nov 14, 2022, 7:16 PM IST

ETV Bharat / state

Asom Chatra Parishad : নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাৰ

নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা ত্ৰিনয়ন বৰুৱাৰ (Asom Chatra Parishad president Trinayan Baruah) । ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ ।

ACP
ACP

গুৱাহাটী, ১৪ নৱেম্বৰ :ৰেপিডো চালকক প্ৰহাৰৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত পাণবজাৰ আৰক্ষীয়ে ২৪ ঘণ্টা জেৰাৰ অন্তত অসম গণ পৰিষদৰ (AGP student wing Asom Chatra Parishad) ভাতৃ সংগঠন অসম ছাত্র পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাক (Asom Chatra Parishad president Trinayan Baruah) মুকলি কৰি দিয়াৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

দিছপুৰীয়া লবীৰ হেঁচাত আৰক্ষীয়ে ত্ৰিনয়ন বৰুৱাক মুকলি কৰি দিবলৈ বাধ্য হোৱা বুলি চৰ্চা হৈছে (Trinayan Baruah controversy with rapido driver) । ইয়াৰ পিছতে সোমবাৰে সংবাদমেল সম্বোধন কৰি নিজে এই ঘটনাৰ লগত জড়িত নহয় বুলি নিজকে দোষমুক্ত কৰাৰ চেষ্টা চলায় ত্ৰিনয়ন বৰুৱাই । সংবাদমেলত তেওঁ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি সংবাদ মাধ্যমকহে সমালোচনা কৰে (Trinayan Baruah detained by Panbazar Police) ।

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "গোটেই পৃথিৱীত এখন আদালত আছে । ভাৰতত কিন্তু দুখন আদালত আছে । মোক কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ দোষী সজোৱা হৈছে । CCTV কেমেৰাত মোৰ কোনো ধৰণৰ ভিজুৱেল নাই । মই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছোঁ । আজি পৰ্যন্ত মোৰ বিৰুদ্ধে থানাত এটাও কোনো ধৰণৰ গোচৰ নাই । ভোক্তভোগীয়ে মই মাৰপিট কৰা বুলি কোৱা নাই । মোৰ যদি কিবা গোচৰৰ বিষয়ে প্ৰমাণ দিব পাৰে মই পদৰ পৰা স্ব-ইচ্ছাই অব্যাহতি ল'ম ।"

আনহাতে, কটন বিশ্ববিদ্যালয়ৰ (Cotton University) একাংশ ছাত্ৰইহে তেওঁ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে । উল্লেখ্য যে বিগত ১০ নৱেম্বৰৰ নিশা গুৱাহাটী ৰে'লৱে' ষ্টেচনৰ সমীপত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি কোৱা যুৱকৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চাজিদ চৌধুৰী নামৰ ৰেপিডোচালকজন । ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

উক্ত ঘটনা সন্দৰ্ভতে 275/2022 নম্বৰত ৰুজু হয় এটা গোচৰ । তাৰ পিছতে শনিবাৰে ত্ৰিনয়ন বৰুৱাক আৰক্ষীয়ে আটক কৰে । ২৪ ঘণ্টা ধৰি আৰক্ষীয়ে জেৰা চলাই দেওবাৰে তেওঁক মুকলি কৰি দিয়ে । আনহাতে, এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত অনুপম মালিক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ‍ কৰে পাণবজাৰ আৰক্ষীয়ে ।

লগতে পঢ়ক :Protest against price hike: ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

ABOUT THE AUTHOR

...view details