গুৱাহাটী, ১৭ ডিচেম্বৰ : ৰাজ্যৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে (Drinking water supply project in Assam)। ইতিমধ্যে চৰকাৰে ৰাইজক এই ক্ষেত্ৰত আশ্বাস প্ৰদানো কৰিছে । সমান্তৰালকৈ গুৱাহাটীৰ দীৰ্ঘদিনীয়া খোৱাপানীৰ সমস্যা সমাধানৰ বাবেও বিগত বহু বছৰ ধৰি চৰকাৰে বিভিন্ন পদক্ষেপ লৈ আছে । ২০২৩ চনৰ ভিতৰত ঘৰে ঘৰে খোৱাপানী যোগানৰ বাবেও চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ (Every family will get drinking water in Guwahati)।
এইবাৰ মহানগৰীৰ ডেৰ লাখ লোকক খোৱাপানী যোগানৰ বাবে পৰিকল্পনা কৰিছে চৰকাৰ তথা মন্ত্ৰী অশোক সিংঘালে । মন্ত্ৰীগৰাকীৰ মতে মহানগৰীৰ কেইবাটাও অঞ্চলৰ ১২ হাজাৰ ঘৰত পানীৰ ট্ৰাইল চলি আছে । অতি শীঘ্ৰে ইয়াৰ সংখ্যা ২৬ হাজাৰলৈ বৃদ্ধি হ'ব । খোৱাপানী প্ৰকল্পসমূহৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে বিভিন্ন স্থান পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।
গুৱাহাটী মহানগৰীৰ উজানবজাৰ, খাৰঘূলি, পাণবজাৰ আৰু ফাঁচীবজাৰ এলেকাত গুৱাহাটী জল ব'ৰ্ড, গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড আৰু জি এম ডি এ-ৰ দ্বাৰা ৰূপায়িত বিভিন্ন পানীৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজসমূহৰ চৰজমিন পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে (Ashok Singhal visits water supply project)। খাৰঘূলি প্ৰকল্প পৰিদৰ্শনৰ অন্তত কামৰ অগ্ৰগতি হৈছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । ২১ ডিচেম্বৰত জাইকাৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হ'ব আলোচনা ।