গুৱাহাটী, ৬ জুন :ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈ পৰিছে এটি প্ৰতিবেদন ৷ অসমত কংগ্ৰেছ হাৰিল কিয় ? পোন্ধৰ বছৰে একেৰাহে শাসন চলোৱা দলটো ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে কিয় অসমত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল ? এই গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি এখন প্ৰতিবেদন দাখিল কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটি (AICC)য়ে গঠন কৰি দিছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ নেতৃত্বত এখন পাঁচজনীয়া উচ্চস্তৰীয় সমিতি । সেই সমিতিয়ে ১ জুনত দলৰ হাইকমাণ্ডক দাখিল কৰিছে প্ৰতিবেদন । যিখন প্ৰতিবেদনত অসমৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিপৰ্যয়ৰ মুখামুখি হ'বলগীয়া হোৱা কাৰণসমূহ পুংখানুপুংখভাবে ফঁহিয়াই দেখুওৱা হৈছে ।
এআইচিচি (AICC)ৰ এক শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, অশোক চৱনৰ নেতৃত্বাধীন উক্ত সমিতিখনে কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে কেইবাটাও কাৰণ চিনাক্ত কৰিছে । তাৰ ভিতৰত অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হৈছে এআইইউডিএফ (AIUDF)ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা । এই মিত্ৰতাই নামনি অসমত কিছু পৰিমাণে কংগ্ৰেছক সহায় কৰিলে ঠিকেই, কিন্তু উজনিত কংগ্ৰেছক ক্ষতি কৰিলে । উজনিত মাত্ৰ পাঁচখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ'ল কংগ্ৰেছ ।