অসম

assam

ETV Bharat / state

তৰুণ নগৰলৈ গৌৰৱ কঢ়িয়ালে আশিতা আগৰৱালাই - ashita awarwal has secured 2nd position in mbbs exam

সীমিত সুবিধাৰ মাজেৰে এম বি চি এছ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় স্থান লাভ কৰি মহানগৰৰ তৰুণ নগৰবাসীক গৌৰাম্বিত কৰিলে আশীতা আগৰৱালা নামৰ ছাত্ৰী গৰাকীয়ে ৷ আশীতাৰ সফলতাত গৌৰাম্বিত পিতৃ-মাতৃ ৷

ashita awarwal has secured 2nd position in mbbs exam
এম বি বি এছ পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰিলে আশীতা আগৰৱালাই

By

Published : Feb 14, 2020, 4:06 PM IST

গুৱাহাটী , 14 ফেব্ৰুৱাৰীঃ চেষ্টাৰ অসাধ্য একো নাই ৷ কথাষাৰ পুনৰ প্ৰমাণ কৰিলে মহানগৰীৰ এগৰাকী যুৱতীয়ে । সীমিত সুবিধাৰ মাজেৰে এম বি চি এছ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় স্থান লাভ কৰি মহানগৰৰ তৰুণ নগৰবাসীক গৌৰাম্বিত কৰিলে আশীতা আগৰৱালা নামৰ যুৱতী গৰাকীয়ে ৷ সৰুৰে পৰা অত্যন্ত মেধাৱী তৰুণ নগৰৰ অমিত কুমাৰ আগৰৱালা আৰু মঞ্জু আগৰৱালাৰ কন্যা আশীতা আগৰৱালাৰ জীৱনৰ লক্ষ্যই আছিল এগৰাকী সফল চিকিৎসক হৈ মানৱ সেৱা কৰি যোৱা ৷ কিন্তু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত চিকিৎসা বিজ্ঞান পঢ়িবলৈ আগুৱাই যোৱাৰ প্ৰথম যাত্ৰা সহজ নাছিল আশীতাৰ বাবে । প্ৰথম অৱস্থাত এম বি বি এছত নাম ভৰ্তি কৰাত অসফল হৈ কিছু ভাঙি পৰিছিল যদিও কষ্ট আৰু আত্মবিশ্বাসৰ ফলত অৱশেষত সুযোগ পালে এম বি বি এছ পঢ়াৰ । এম বি বি এছত প্ৰথম বর্ষৰ পৰাই পৰীক্ষাত ভাল ফলাফল দেখুৱাই আশীতাই প্ৰমাণ কৰিছিল নিজৰ যোগ্যতা ৷ প্ৰতিবছৰে পৰীক্ষাত ভাল ফলাফল দেখুৱাই অৱশেষত চূড়ান্ত পৰীক্ষাত আশীতাই লাভ কৰিলে ৰাজ্যৰ ভিতৰতে অষ্টম আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় স্থান ।

এম বি বি এছ পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰিলে আশীতা আগৰৱালাই

চিকিৎসক হিচাপে মানৱ সেৱা আগবঢ়াবলৈ প্ৰস্তুত হোৱা আশিতাৰ ইচ্ছা,নিজৰ চিকিৎসা জীৱনৰ আৰম্ভণি কৰিব কোনোবা এখন ভিতৰুৱা গাঁৱত ৷ আৰ্থিক সীমাবদ্ধতাৰ বাবে সীমিত সুবিধা প্ৰদান কৰিবলৈ সক্ষম হোৱা আশীতাৰ পিতৃ আজি নিজ সন্তানৰ সফলতাক লৈ গৌৰাম্বিত ৷ মেধাৱী ছাত্ৰী আশিতালৈ ই টিভি ভাৰতৰ পৰা থাকিল অশেষ শুভকামনা ।

লগতে পঢ়কঃ ব্যতিক্ৰমী পদ্ধতিৰে পাচলি উৎপাদন হায়দৰাবাদৰ এহাল দম্পত্তীৰ

ABOUT THE AUTHOR

...view details