গুৱাহাটী, 28 ছেপ্টেম্বৰ :সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম আশা কৰ্মী আৰু চুপাৰভাইজাৰ সন্থাৰ উদোগত যুটীয়াভাৱে এখন সংবাদমেল আয়োজন কৰা হয় ৷
এই সংবাদমেলত আশা কৰ্মী চুপাৰভাইজাৰ সকলক আজি পৰ্যন্ত NHM ত অন্তৰ্ভূক্ত নকৰাৰ কথা উত্থাপন হোৱাৰ লগতে তেওঁলোকক মাত্ৰ ফেচিলেটৰ হিচাপেহে ৰখা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এই প্ৰশ্ন কৰিছে সদৌ অসম আশা কৰ্মী আৰু চুপাৰভাইজাৰ সন্থাই ৷