গুৱাহাটী,29 ডিচেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশন চলি থকাৰ সময়তে বিধানসভা চৌহদ উত্তাল কৰিলে চৰকাৰ বিৰোধী শ্ল’গানেৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ।
ইপিনে বিভিন্ন দল সংগঠনৰ সমান্তৰালকৈ মঙলবাৰে আশা কর্মী সকলেও ন্যাৰ্য প্ৰাপ্তিৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ । কেইবাশতাধিক আশা কর্মীৰ উত্তাল প্ৰতিবাদত মুখৰ হ’ল বিধানসভা চৌহদ । আশা কর্মী সকলৰ অভিযোগ কৰি কয় যে, চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। স্বাস্থ্যমন্ত্ৰীয়ে আমাক তই আৰু তহঁত শব্দৰে সম্বোধন কৰি অপমান কৰিছে । আমি এনে অপমান কেতিয়াও হস্য নকৰো । পৰিয়ালক একাষৰীয়া কৰি আমি সমাজৰ কাম কৰিছো । কিন্তু মাত্ৰ তিনিহাজাৰ টকা মাননীয়ে আমাক আভুৱা ভাৰিছে স্বাস্থ্য বিভাগে ।